Breaking

চিচিবৰগাওঁ চৌখামটিংৰ  নমস্য শইকীয়াক সম্বৰ্ধনা এজেৱাইচিপিৰ…

0 42

বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আয়োজিত প্ৰতিযোগিতা সমূহত  অংশ লৈ চিচিবৰগাওঁ চৌখামটিংৰ গাওঁ লৈ সফলতা কঢ়িয়াই আনিছে সাত বছৰীয়া নমস্যা শইকীয়া নামৰ কণমানি গৰাকীয়ে। চৌখামটিং গাওঁৰ ৰুবুল শইকীয়া আৰু পংখী কলিতা শইকীয়াৰ কন্যা নমস্যা শইকীয়া (৭) ই সৰুৰে পৰাই সংগীত চৰ্চাৰ লগতে নৃত্য অভিনয়ত আগ্ৰহী আছিল।

কণমানি গৰাকীয়ে বিভিন্নধৰণৰ কলা কৌশল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিশু শিল্পী বঁটা ২০২৩, দ্যা আছাম বেষ্ট তেলেণ্ড বঁটা ২০২৪, আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা ২০২৪, ডনবস্ক হায়াৰ চেকেণ্ডেৰী স্কুলৰ পৰা ‘দ্যা বেষ্ট শিক্ষাৰ্থী’ ৰ দৰে বহু সন্মান লাভ কৰি অঞ্চলবাসীক গৌৰৱান্বিত কৰিছে কণমানি নমস্যা শইকীয়াই।

কালি চিচিবৰগাওঁ আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটি সজাঁতী দলে তেওঁৰ গৃহত উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ প্ৰতি অনা এনে ফলাফলৰ বাবে সলাগ লয় । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ যুটীয়া সম্পাদক তপন শইকীয়াৰ লগতে সংগঠনটোৰ কেবাগৰাকী কৰ্মী উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply