Breaking

কাগজ কল পুনৰুজ্জীৱিত কৰি আধুনিকীকৰণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ

0 2,027

কাৰাবন্দী শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰিবলৈ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। অলপতে মৃতপ্ৰায় কল দুটা নিলাম কৰিবলৈ প্ৰকাশ পোৱা জাননীৰ সম্বন্ধে পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি অখিল গগৈয়ে ২০১৫ আৰু ২০১৭ চনৰ পৰা বন্ধ হৈ থকা কাগজ কলকেইটাত কৰ্মৰত বিষয়া–কৰ্মচাৰীৰ সকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰে।

তেওঁ কয়- উদ্যোগ দুটা বন্ধ হোৱাত ইয়াৰ বিষয়া আৰু কৰ্মচাৰীসকলে পাবলগীয়া দৰমহা, পেঞ্চন, Provident fund আদিৰ ধনৰ পৰা বঞ্চিত হৈছে। এতিয়ালৈ আৰ্থিক নাটনিৰ ফলত ৮৭জন লোক মৃত্যুৰ মুখত পৰিছে। বহুজনে আত্মহত্যাৰ পথ বাছি লৈছে। তেওঁ লগতে বিজেপিশাসিত পূৰ্বৰ ৰাজ্য চৰকাৰখনে কাগজ উৎপাদন কৰা উদ্যোগ দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কথাটোও পত্ৰ জৰিয়তে সোঁৱৰাই দিবলৈ চেষ্টা কৰে।গগৈয়ে প্রধানমন্ত্ৰীক কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি আধুনিকীকৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ অসমৰ উদ্যোগীক জড়িত কৰি তথা কেন্দ্ৰীয় চৰকাৰে সাহায্য আগবঢ়াই কল দুটাক মুনাফা আদায়ৰ দিশে লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়। এই সন্দৰ্ভত তেওঁ মধ্য প্ৰদেশৰ NEPA কাগজ কল আৰু Hindustan Newsprint Limitedৰ অধীনৰ কেৰালাত থকা কলটো পুনৰ কাৰ্যক্ষম কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ উদাহৰণ দিয়ে। তেওঁ লগতে কাগজ কল কেইটাৰ অধীনত থকা অতিৰিক্ত মাটিত মধ্যম আৰু লঘু উদ্যোগ গঢ়াৰো পৰামৰ্শ দিয়ে।উল্লেখযোগ্য যে অলপতে কাগজ কল দুটা নিলামৰ জাননী প্ৰকাশ পাইছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কৈছিল – “কোনোবাই যদি কলকেইটা কিনিবলৈ আগবাঢ়ি আহে, মই গৈ তেওঁক গামোচা পিন্ধাম।’’ তেওঁ কল কেইটাত মজুত থকা যন্ত্ৰৰে পুনৰুজ্জীৱিত কৰিব পৰা নাযায় বুলিও মন্তব্য কৰিছিল।

Leave A Reply