Breaking

অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী অখিল গগৈৰ

0 1,050

অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ অভিযুক্ত ভূপেন বৰুৱাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীয়াই আঘাত কৰিছে। অসমত হোৱা প্ৰত্যেকটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত হ’ব লাগে। শিৱসাগৰৰ স্থানীয় সাংবাদিককো গুলীয়াম বুলি ভাবুকি দিছে আৰক্ষীয়ে। সেইটো দুৰ্ভাগ্যজনক।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত একনায়কত্ববাদ চলোৱাৰ অভিযোগ অখিল গগৈৰ। একেজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী, ন্যায়াধীশ, বিধায়ক সকলো হ’ব বিচাৰে বুলি কয় শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

অখিল গগৈয়ে কয়, ‘‘মই অপৰাধ আৰু অপৰাধীৰ পক্ষত নাই। মই সদায়েই সাৰদা, লুই বাৰ্জাৰ, উত্তৰ কাছাৰ কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি আহিছো। যিসকল আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিচাৰ হব লাগে, প্ৰয়োজনত গ্ৰেপ্তাৰ কৰিব লাগে।’’

আনহাতে, পৰেশ বৰুৱাকো আলোচনালৈ অহাৰ আহ্বান জনালে অখিল গগৈয়ে। অধিক গগৈয়ে কয়, ‘‘পৰেশ ককাইদেউ আপুনি চৰকাৰৰ লগত আলোচনা কৰক। অসমলৈ শান্তি ঘূৰি আহিব লাগে।’’

উচ্চ ন্যায়ালয়ত NIA ই কৰা আৱেদনক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ। বিধায়কগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে মই মুক্ত হোৱাটো বিচৰা নাছিল। মোক পুনৰ NIA ই গ্ৰেপ্তাৰ কৰিবলৈ অভিসন্ধি কৰিছে। মোৰ বিৰুদ্ধে ৰাজনৈতিক চক্ৰান্ত আৰম্ভ হৈছে।

Leave A Reply