Breaking

সদনত নিজৰ মুখ বন্ধ কৰা নাই অখিল গগৈয়ে, সদনৰ পৰা বহিস্কাৰৰ হুমকি অধ্যক্ষৰ

0 2,046

বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থটো দিনটো অখিল গগৈয়ে সদনত নিজৰ মুখ বন্ধ কৰা নাই।

◾️অখিল গগৈক সদনৰ পৰা বহিস্কাৰৰ হুমকি দিলে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

◾️অখিল গগৈয়ে বাৰে বাৰে সদনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ অধ্যক্ষ দৈমাৰীৰ।

◾️ম্যানমাৰৰ ছুপাৰী সন্দৰ্ভত সদনত মাত মাতিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

◾️ম্যানমাৰৰ পৰা ছুপাৰী হাউলীলৈ আহে বুলি সদনত উল্লেখ কৰিছিল আব্দুৰ ৰহিম আহমেদ।

◾️সেই সময়তে ম্যানমাৰৰ ছুপাৰী প্ৰসংগত মাজতে প্ৰশ্ন উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে।

◾️বিধায়ক অখিলৰ এই কাৰ্যতে ক্ষুব্ধ হৈ উঠি অধ্যক্ষ দৈমাৰীয়ে বহিষ্কাৰৰ ধমকি দিয়ে।

◾️অখিল গগৈয়ে প্ৰশ্ন কৰোঁতেই অখিল গগৈক অধ্যক্ষৰ ধমক।

◾️এনেকৈ সদন নচলে৷যিকোনো সময়তে সদনত কিয় মাত মাতে?

◾️এনেকৈ সদনত মাত মাতিলে মই সদন চলোৱাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হ’ম।

Leave A Reply