Breaking

অখিল গগৈয়ে ক’লে- বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে হাতত লোৱা ব্যৱস্থা অবৈধ

0 62

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান চলিছে ।

এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে ২,৬৬৬ জন লোক৷ ইয়াৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

গগৈয়ে কয়- বাল্য বিবাহ সমৰ্থন নকৰো যদিও অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়াও সমৰ্থনযোগ্য নহয়। বাল্য বিবাহৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰিছে সি নিজেই এই অবৈধ ব্যৱস্থা।

লগতে বিধায়কজনে কয়- আইনত স্পষ্টকৈ কোৱা হৈছে যে, বাল্য বিবাহ কৰা দুবছৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা সেই বিবাহখন নিয়মীয়া হৈ যায়। চৰকাৰে বাল্য বিবাহ কৰা মানুহৰ বিৰুদ্ধে গোচৰ তৰিছে যদিও তেওলোকে জামিন লাভ কৰিছে। বাল্য বিবাহ কৰা মানুহে জামিন নাপায়।

এইয়া কেৱল চমকহে।বিজেপি চৰকাৰে শেহতীয়া সকলো কাৰ্যক কেৱল এটা নিদিষ্ট ধৰ্মৰ ওপৰত আক্ৰমণ কৰিবৰ বাবে সকলো কৰি আছে।

Leave A Reply