জুবিনবিহীন এটা বছৰ পাৰ কৰিলে অসমীয়াই। ৰাজ্যজুৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। জুবিন ক্ষেত্ৰত ৩ দিনীয়াকৈ আয়োজন কৰা জুবিন দিৱসৰ আজি তৃতীয় দিন। কালিৰ দিনটোত জুবিন ক্ষেত্ৰত অগণন লোকৰ ভিৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পাৰে যানজঁটৰ সৃষ্টি হয়। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি…গীতৰে দ্বিতীয় দিনাৰ সাংস্কৃতিক কাৰ্যসূচী সমাপ্ত হয়। জুবিন ক্ষেত্ৰত উপস্থিত সকলোৱে একেলগে মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি গীতটি পৰিৱেশন কৰে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে ৰাজ্যবাসীয়ে এটা বছৰ সম্পূৰ্ণ কৰিলে।। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত মৃত্যু হোৱা অসমীয়া সংগীত জগতৰ এই মহান তাৰকাগৰাকীৰ প্ৰথম বাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পীয়েই নাছিল, তেওঁ আছিল এক আৱেগ। শাৰীৰিকভাৱে তেওঁ আমাৰ মাজত নাই যদিও কৰি প্ৰতিজন অসমীয়াৰ বুকুত তেওঁৰ কালজয়ী সৃষ্টিসমূহ জীয়াই আছে আৰু থাকিব।

