Breaking

মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈ : কমল কুমাৰ মেধি

0 2,040

“অসমৰ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈ। যিমানেই অখিল গগৈক বিজেপি চৰকাৰে অন্যায় ভাৱে জেলত ৰাখিব সিমানেই তেওঁ শক্তিশালী হৈ আহিব।” আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী গাৰামদেউত ৰাইজৰ দলৰ এক বিশাল কৰ্মী সভাত অংশগ্ৰহণ কৰি দলটোৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে এই মন্তব্য কৰে। তেখেতে কয় যে বিজেপিয়ে আটাইতকৈ ভয় কৰা মানুহজনেই হৈছে অখিল গগৈ। তেওঁক সেইকাৰণে দীৰ্ঘদিন ধৰি জেলত আৱদ্ধ কৰি ৰাখিছে বিজেপি চৰকাৰে। যিমানেই জেলত আৱদ্ধ কৰি ৰাখিব সিমানেই শক্তিশালী নেতা হৈ ৰাইজৰ মাজলৈ আহিব অখিল গগৈ। কা বিৰোধী আন্দোলন কৰাৰ পিছৰে পৰা ৰাইজৰ নেতাজনক ষড়যন্ত্ৰমূলকভাৱে বিজেপি চৰকাৰে জেলত দীৰ্ঘদিন ধৰি আৱদ্ধ কৰি ৰাখিছে। ইয়াৰ সমূচিত প্ৰত্যুত্তৰ অসমৰ জনগণে বিজেপিক এইবাৰ নিৰ্বাচনত দিব বুলিও মেধিয়ে মন্তব্য কৰে ৷ আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে বিটিআৰৰ কেবাটাও সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰি কমল কুমাৰ মেধিয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াকো সমালোচনা কৰে। তেওঁ সাংসদ গৰাকীক ৰাইজৰ মাজলৈ আহি জন সমৰ্থন পৰীক্ষা কৰি চাবলৈও প্ৰত্যাহ্বান জনায়। বিটিচি নিৰ্বাচনৰ পিছতে সাংসদ গৰাকীৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ পৰা নিৰ্বাচিত হোৱা কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে সৰ্বানন্দ সোণোৱাল আৰু হিমন্তবিশ্ব শৰ্মাৰ বোকোচাত উঠি গোটেই সমষ্টিবাসীক প্ৰতাৰণা কৰা বুলিও ৰাইজৰ দলৰ নেতা গৰাকীয়ে অভিযোগ কৰে । গতিকে সমষ্টিবাসী ৰাইজে এইবাৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও কয়। আগন্তুক নিৰ্বাচনত ৰাইজে বিচাৰিলে জালুকবাৰী সমষ্টিত হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু থকা বুলি দোহাৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাফিয়া। গতিকে তেওঁক এইবাৰৰ নিৰ্বাচনত জালুকবাৰীৰ ৰাইজে ওফৰাই পেলাব বুলিও কয়। আজিৰ এই কৰ্মী সভাত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক মুকুট ডেকা, ৰাইজৰ দলৰ চাপাগুৰি সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুজন দাস, ৰাইজৰ দলৰ নেতা উপেন দাস, দয়াল কলিতা, সত্য কলিতা, ধনঞ্জয় কলিতা আদিয়েও বক্তব্য ৰাখে ৷

Leave A Reply