Breaking

১১ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি

0 2,033

অসম বিধানসভাৰ নিৰ্বাচন চমু আহিছে। কৃষক নেতা তথা বৰ্তমান ৰাইজৰ দলৰ নেতা অখিল গগৈ এতিয়াও কাৰাগাৰতে বন্দী হৈ আছে।

বিজেপি চৰকাৰৰ ৰোষত পৰি এটাৰ পাছত আন এটা গোচৰত বন্দী কৰি ৰখা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে আনকি প্ৰতিবাদো সাৱ্যস্ত কৰি আহিছে।

অহা ১১ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ে অখিল গগৈৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিব।

ন্যায়াধীশ সূৰ্য কান্ত, এন ভি ৰমন্না আৰু অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিবলগীয়া এই শুনানিলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰিছে।

ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচ কৰিছিল।

২০১৯ৰ ডিচেম্বৰত গোচৰ নম্বৰ SLP (Crl) No 1050/2021ৰ অধীনত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰপাছত অখিলক এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

ইতিমধ্যে এনআইএ-য়ে ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিছে।

বৰ্তমানৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে অখিল গগৈক লৈ ইমান শংকিত কিয়? অখিল গগৈ মুকলি আকাশৰ তললৈ আহিলে বহুকেইগৰাকী শীৰ্ষ বিজেপি নেতাৰ সান্দহ খোৱা বালি তল যোৱাৰ আশংকা কৰা হৈছে।

আনহাতে, অখিল গগৈৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাও শেহতীয়াকৈ বিজেপিৰ বাবে নতুন মূৰৰ কামোৰণি হৈ পৰিছে।

সেয়ে, অখিল গগৈৰ মুক্তি বিজেপি চৰকাৰে নিবিচৰাটোৱে স্বাভাৱিক বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।

এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে অখিল গগৈৰ মুক্তিৰ বিষয়টো নিৰ্ভৰ কৰিছে।

Leave A Reply