Breaking

কাৰাগাৰৰ পৰাই মুকলি চিঠি অখিল গগৈৰ

0 2,097

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আন এক বিস্ফোৰণ ঘটাইছে। বিৰোধী মহাজোঁটত ৰাইজৰ দলে অংশ গ্ৰহণ কৰিবনে নকৰে সেই লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে কাৰাগাৰৰ পৰা প্ৰেৰণ কৰা এক পত্ৰ  যোগে  কংগ্ৰেছ মহাজোঁটৰ পৰা এ আই ইউ ডি এফক আঁতৰালে ৰাইজৰ দলে মহাজোঁটক সমৰ্থন আগবঢ়াব বুলি সদৰি কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । গুৱাহাটীস্থ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই  অখিল গগৈয়ে প্ৰেৰণ কৰা এখন  চিঠি পাঠ কৰি এই কথা সদৰি কৰে।পত্ৰখনত বিজেপি আৰু এ আই ইউ ডি এফ একেই সাম্প্ৰদায়িক বুলি উল্লেখ কৰি অখিল গগৈয়ে  কয়, ‘কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে মিত্ৰতা নকৰে ৰাইজৰ দলে। মিত্ৰতা কেৱল অসম জাতীয় পৰিষদৰ লগতহে  অক্ষুন্ন থাকিব’।ইপিনে, উক্ত সংবাদমেলতে এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত গোপন মিত্ৰতা আছে বুলিও পত্ৰ যোগে দাবী কৰে অখিল গগৈয়ে।পত্ৰখনত অখিল গগৈয়ে লগতে কয় ‘ কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ সন্তুষ্ট নহয়  তথা এয়া ঐতিহাসিক ভুল সিদ্ধান্ত ‘।আনহাতে, প্ৰয়োজন হ’লে অখিল গগৈয়ে নিজে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি উল্লেখ কৰি লগতে কয়, ‘বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ  বাবে ঐক্যৱদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল’ব পৰা নাই’। তদুপৰি অখিল গগৈয়ে জনবিৰোধী বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বিৰোধী দলবোৰৰ এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পোষকতা কৰে। তেওঁ কয় – বিৰোধী দলসমূহৰ সাম্প্ৰতিক ৰাজনৈতিক কৌশল মুঠেও বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ বাবে যথোপযুক্ত নহয়। বিৰোধী দল মানে মই কংগ্ৰেছ, চিপিআই, চিপিআই(এম), অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা আৰু ৰাইজৰ দলক বুজাইছো। এআইয়ুডিএফৰ নাম মই ইয়াৰ পৰা সচেতন ভাবেই বাদ দিছো।  অখিল গগৈয়ে পত্ৰত উল্লেখ কৰি কয় – এআইয়ুডিএফৰ উপস্থিতিয়ে বিজেপিক শক্তিশালী কৰে আৰু বিজেপিৰ উপস্থিতিয়ে এআইয়ুডিএফক শক্তিশালী কৰে।‘ এনে অৱস্থাত সেয়েহে সংখ্যালঘু ৰাইজেও এই কথা উপলব্ধি কৰি এআইয়ুডিএফক বিদায় দিবলৈ সাজু হৈছিল। কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে।‘ 

Leave A Reply