Breaking

‘কানাডাৰ নাগৰিকত্ব’ বিতৰ্কক লৈ মৌনতা ভংগ অক্ষয় কুমাৰৰ ! ক’লে “ভাৰত মোৰ বাবে সকলো”…

0 76

শেহতীয়াকৈ অক্ষয় কুমাৰে তেওঁৰ ‘বিতৰ্কিত’ কানাডাৰ নাগৰিকত্বৰ মৰ্যাদাৰ বিষয়ে বহলভাৱে কয়। বলীউডৰ অন্যতম প্ৰিয় অভিনেতা হোৱাৰ পিছতো অক্ষয় কুমাৰ প্ৰায়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে। বহু বছৰ ধৰি ভাৰতীয় চিনেমাত সেৱা আগবঢ়োৱাৰ পিছত অভিনেতাগৰাকীয়ে নিজৰ কেৰিয়াৰত উচ্চ-নীচৰ অংশ দেখিবলৈ পাইছে। বৰ্তমান অক্ষয়ে তেওঁৰ আগন্তুক ছবি চেলফিৰ প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে য’ত তেওঁক ইমৰাণ হাছমীৰ সৈতে দেখা যাব। গুড নিউজৰ পৰিচালক ৰাজ মেহতাৰ নেতৃত্বত নিৰ্মিত ছবিখনে আজি মুক্তি লাভ কৰে।অভিনেতাগৰাকীয়ে প্ৰচাৰমূলক সাক্ষাৎকাৰৰ বাবে বিবিন্ন ঠাইলৈ যোৱাৰ সময়ত তেওঁক কানাডাৰ নাগৰিকত্বৰ বিষয়ে সোধা হৈছিল যিটো অনুৰাগীকে ধৰি বহুতৰে বাবে প্ৰায়ে আলোচনাৰ বিষয় হৈ পৰিছে।

এক সাক্ষাৎকাৰত তেওঁক একেটা কথা সোধাত তেওঁ ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ভাৰত তেওঁৰ বাবে সকলো। অৱশ্যে তেওঁ প্ৰকাশ কয় যে তেওঁ এতিয়া কানাডা নাৰিকত্ব এৰিবলৈ সাজু হৈছে।অক্ষয় কুমাৰে কয়, ‘ভাৰত মোৰ বাবে সকলো… মই যি উপাৰ্জন কৰিছো, যি লাভ কৰিছো এইখন দেশৰ পৰাই লাভ কৰিছোঁ।” যেতিয়া তেওঁক ৯০ৰ দশকত বক্স অফিচত তেওঁৰ ১৫খনতকৈও অধিক বলীউড চিনেমা বিফল হোৱাৰ বিষয়ে সোধা হয়।তেতীয়া অক্ষয় কুমাৰে কয়, ‘মই ভাবিছিলো যে , মোৰ ছবিবোৰে কাম কৰা নাই আৰু এজনে কাম কৰিব লাগিব’। কামৰ কাৰণে কানাডালৈ গৈছিলো। মোৰ বন্ধু কানাডাত আছিল আৰু তেওঁ কৈছিল, ‘ইয়ালৈ আহক’। মোৰ মুক্তিৰ বাবে মাত্ৰ দুখন ছবি বাকী আছিল আৰু দুয়োখন ছুপাৰহিট হোৱাটো মাত্ৰ ভাগ্যৰ কথা। মোৰ বন্ধুৱে ক’লে, ‘উভটি যাওক, আকৌ কাম আৰম্ভ কৰক’। সেয়েহে এতিয়া মই কানাডা নাগৰিকত্ব ত্য়াগ কৰাৰ সিদ্ধান্ত লৈছোঁ।

Leave A Reply