Breaking

বিয়াৰ পূৰ্বে বহুবাৰ ব্ৰেকআপ হৈছিল অক্ষয় কুমাৰৰ! সম্পৰ্ক ভঙাৰ যন্ত্ৰণা কেনেকৈ সহ্য কৰিছিল ক’লে অক্ষয়ে…

0 28

অক্ষয় কুমাৰ কোন চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই। সম্পৰ্ক, ব্ৰেকআপ আৰু প্ৰেমৰ সম্পৰ্কক লৈ অক্ষয় কুমাৰে এক সাক্ষাৎকাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিবাহৰ পূৰ্বে অক্ষয় কুমাৰৰ দুই, তিনিবাৰ ব্ৰেকআপ হৈছিল। লগতে অভিনেতাগৰাকীয়ে এয়াও ক’লে ব্ৰেকআপৰ লগত তেওঁ কেনেকৈ মোকাবিলা কৰিছিল। আনহাতে অক্ষয় কুমাৰক অতি সোনকালে টাইগাৰ শ্ৰফৰ সৈতে ‘বদে মিয়ান ছোটে মিয়ান’ত দেখা যাব।

অক্ষয় কুমাৰ আৰু টুইংকল খান্নাৰ বিবাহৰ ২৩ বছৰ হ’ল। দুয়োৰে দুটা সন্তানৰ সৈতে এটা মৰমলগা পৰিয়াল আছে। কিন্তু শেহতীয়াকৈ অক্ষয় কুমাৰে বিয়াৰ পূৰ্বে দুটা বা তিনিটা প্ৰেমৰ সম্পৰ্ক, ব্ৰেকআপ আৰু সম্পৰ্কৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। অক্ষয় কুমাৰে ক’লে, ‘মোৰ লগত যেতিয়াই ব্ৰেকআপ হৈছিল তেতিয়াই ২-৩ বাৰ হৈছিল।’ সেই সময়ত মই বহুত ব্যায়াম কৰিছিলোঁ। কাৰণ আগতে বহুত খং আৰু দুখ আছিল মোৰ। গতিকে আগতে নিজকে এনেকৈ চেলেঞ্জ কৰিছিলোঁ। মই ভাবো যে এজন যুদ্ধবিদে ব্ৰেকআপৰ সৈতে এনেদৰেই মোকাবিলা কৰিব। এইদৰে ব্ৰেকআপৰ সন্দৰ্ভত মন্তব্য কৰে অভিনেতাগৰাকীয়ে।

জনা যায় যে অক্ষয় কুমাৰে ৰবীনা টণ্ডন, পূজা বাত্ৰাৰ পৰা আৰম্ভ কৰি শিল্পা শেট্টীলৈকে বহু অভিনেত্ৰী সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখিছে। ১৯৯৫ চনত তেওঁ ৰবীনা টেণ্ডনৰ লগত ডেটিং কৰিছিল। কোৱা হয় যে দুয়োৰে গোপনে বাগ্দানও হৈছিল। কিন্তু তাৰ পিছত দুয়োৰে মাজত বিচ্ছেদ হয়।

২০০১ চনত অক্ষয় কুমাৰে টুইংকল খান্নাৰ সৈতে সাতবাৰ বিবাহপাশত আবদ্ধ হয়। ৰাজেশ খান্নাৰ জোঁৱাই অক্ষয়ৰ এতিয়া দুটা সন্তান, এগৰাকী কন্যা আৰু এজন পুত্ৰ। আনহাতে ২০০৪ চনত ৰবীনা টেণ্ডনে প্ৰযোজক ব্যৱসায়ী অনিল থাদানীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।


Leave A Reply