Breaking

হাতত ঝাড়ু ল’লে অক্ষয় কুমাৰে, প্ৰধানমন্ত্ৰী মোদীৰ স্বচ্ছতা অভিযানক সমৰ্থন কৰিলে ৰজনীকান্তই…

0 31

অভিনেতা অক্ষয় কুমাৰৰ পিছত এতিয়া প্ৰবীণ তাৰকা ৰজনীকান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছতা অভিযানক সমৰ্থন কৰিছে। ইয়াৰ বাবে অভিনেতা গৰাকীয়ে অনুৰাগীৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ভাৰতক পৰিষ্কাৰ কৰি ৰাখক।শেহতীয়াকৈ বলীউডৰ অভিনেতা অক্ষয় কুমাৰে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰাৰ সময়ত ছ’চিয়েল মিডিয়াত নিজৰ এখন ছবি পোষ্ট কৰিছে। এতিয়া অক্ষয়ৰ পিছত দক্ষিণৰ দেৱতা হিচাপে পৰিচিত প্ৰবীণ অভিনেতা ৰজনীকান্তো এই অভিযানৰ অংশ হৈ পৰিল আৰু অনুৰাগীৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰিলে।

আচলতে স্বচ্ছতা অভিযানৰ বাবে ৰজনীকান্তই নিজৰ পূৰ্বৰ টুইটাৰত এটা টুইট কৰিছিল। ইয়াত অভিনেতাগৰাকীয়ে লিখিছে, “এটা সুস্থ পৰিৱেশৰ আৰম্ভণি পৰিষ্কাৰ পৰিৱেশৰ পৰা হয়.. আহক আমি ভাৰতক পৰিষ্কাৰ কৰি ৰাখোঁ..” অভিনেতা গৰাকীৰ এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে। এই সন্দৰ্ভত মন্তব্য কৰি অভিনেতাগৰাকীৰ অনুৰাগীয়ে তেওঁক বহুত প্ৰশংসা কৰিছে।

ইয়াৰ পূৰ্বে অক্ষয় কুমাৰে স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ছবি শ্বেয়াৰ কৰিছিল। হাতত এটা ডাঙৰ ঝাড়ু লৈ থকা দেখা গৈছিল অভিনেতাগৰাকীক।

আপোনালোকক জনাও যে যোৱা ৩০ ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতা অভিযান সন্দৰ্ভত টুইটাৰযোগে টুইট কৰিছিল। য’ত তেওঁ লিখিছে, “স্বচ্ছ ভাৰত দেশৰ সকলো বাসিন্দাৰ সামূহিক দায়িত্ব.. আহক আমি সকলোৱে মিলি কাইলৈ ​​পুৱা ১০ বজাত এঘণ্টা সময় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে উৎসৰ্গা কৰি উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাত সহায় কৰোঁ।”


Leave A Reply