Breaking

‘অক্ষয় কুমাৰক চৰ শোধাব পাৰিলে লাভ কৰিব ১০ লাখ টকাৰ পুৰস্কাৰ’…

0 81

‘অক্ষয় কুমাৰক চৰ শোধাব পাৰিলে লাভ কৰিব ১০ লাখ টকাৰ পুৰস্কাৰ’! এই কথা ঘোষণা কৰিছে আগ্ৰাৰ হিন্দু সংগঠনে। শুকুৰবাৰে অক্ষয় কুমাৰৰ ছবি OMG 2 য়ে মুক্তি লাখ কৰে। ছবি খনে মুক্তি পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ভাৰতে বলীউডৰ অভিনেতাগৰাকীক ছবিখনত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰি ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ কৰিছে। লগতে কোৱা হৈছে যে অভিনেতা অক্ষয়ৰক চৰ শোধাব পৰা ব্যক্তিক ১০ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰেক্ষাগৃহৰ বাহিৰত প্ৰতিবাদী বিক্ষোভ হিচাপে আগ্ৰাত অক্ষয় কুমাৰৰ প্ৰতিমূৰ্তি আৰু অ’এমজি ২ৰ পোষ্টাৰ জ্বলাই দিয়ে সংগঠনটোৱে।


ৰাষ্ট্ৰীয় হিন্দু পৰিষদ ভাৰতৰ সভাপতিৰ মতে অক্ষয়ে ড্ৰেডলক আৰু বুট পিন্ধি লুক, কাচোৰী কিনা, লেতেৰা পুখুৰীত গা ধুই থকা দেখি তেওঁ বিশেষভাৱে অসন্তুষ্ট। তেওঁ উল্লেখ কৰে যে এনে কাৰ্যই ভগৱান শিৱৰ প্ৰতিমূৰ্তি কলংকিত কৰিছে। সংগঠনটোৱে চেঞ্চৰ ব’ৰ্ড আৰু কেন্দ্ৰীয় চৰকাৰক ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাইছে। ইফালে বক্স অফিচত অ’এমজি ২য়ে ১০.২৬ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ উপৰিও OMG 2 ত অভিনয় কৰিছে পংকজ ত্ৰিপাঠী আৰু য়মী গৌতমে।

Leave A Reply