Breaking

ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ ভয়ংকৰ তথ্য! ভাৰতৰ ৫২৭ বিধ খাদ্যত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ…

0 20

ভাৰতৰ ৫২৭ বিধ খাদ্যত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ ৷ হয়, ৫২৭ বিধ ভাৰতীয় খাদ্যত আছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ ধৰা পৰাৰ ঘটনাই এতিয়া বহুতকে চিন্তিত কৰি তুলিছে৷ ইউৰোপীয় ইউনিয়নে ভাৰতীয় খাদ্য সামগ্ৰীত থকা কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থকলৈ উদ্বেগ প্ৰকাশ কৰিছে৷ বহু ভাৰতীয় খাদ্যৰ ওপৰত সেয়ে ইউৰোপীয় ইউনিয়নে নিষেধাজ্ঞা আৰোপ কৰিছে৷। এই সামগ্ৰীবোৰত ইথিলিন অক্সাইডৰ উপস্থিতিয়ে স্বাস্থ্যৰ বাবে আশংকাৰ সৃষ্টি কৰিছে৷ ভাৰতীয় কৰ্তৃপক্ষই গামা ৰশ্মি চিকিৎসাৰ দৰে বৈকল্পিক পদ্ধতিৰ জৰিয়তে খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে। ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই ভাৰতত উৎপন্ন হোৱা ৫২৭ বিধ খাদ্য সামগ্ৰীত কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পেলাইছে। বিষয়টো চৰ্চালৈ আহিছিল যেতিয়া এম.ডি.এইচ. আৰু এভাৰেষ্টকে ধৰি প্ৰখ্যাত ভাৰতীয় মচলা ব্ৰেণ্ডবোৰত অনুমোদিত স্তৰৰ ওপৰত ইথিলিন অক্সাইড নামৰ এক ৰাসায়নিক পদাৰ্থ থকাৰ অভিযোগ উঠিছিল আৰু সেই মচলা পৰীক্ষা কৰা হৈছিল। হংকং আৰু ছিংগাপুৰত এমডিএইচৰ মচলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু এতিয়া ইউৰোপীয় ইউনিয়নেও একেই পথ অনুসৰণ কৰিছে৷ উল্লেখ্য ভাৰতৰ জনপ্ৰিয় মচলা ব্ৰেণ্ড এম.ডি.এইচ., এভাৰেষ্ট মচলাৰ কিছু কিছু পেকেটত পোৱা গৈছে কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইড । ইয়াৰ পিছতে হংকঙেও জনপ্ৰিয় ভাৰতীয় মচলা ব্ৰেণ্ড এমডিএইচ প্ৰাইভেট আৰু এভাৰেষ্ট ফুড প্ৰডাক্টছ প্ৰাইভেটৰ মচলাৰ বিক্ৰী নিষিদ্ধ কৰিছে। ছিংগাপুৰে যোৱা সপ্তাহত এভাৰেষ্টৰ বিৰুদ্ধে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল।

ছিংগাপুৰেও তেনে মচলাত ইথিলিন অক্সাইডৰ উপস্থিতিৰ অভিযোগ উত্থাপন কৰিছিল। হংকঙৰ খাদ্য সুৰক্ষা কেন্দ্ৰই ৫ এপ্ৰিলত ঘোষণা কৰিছিল যে নিয়মীয়া নিৰীক্ষণ কাৰ্যসূচীৰ সময়তে এমডিএইচ গোটৰ পৰা তিনিবিধ মচলাত ইথিলিন অক্সাইডৰ উপস্থিতি পোৱা গৈছে – সেইবোৰ হৈছে মাদ্ৰাজ কাৰী পাউডাৰ, সম্ভাৰ মচলা পাউডাৰ, আৰু কাৰী পাউডাৰ। চি.এফ.এছ.-এ তিনিটা ৰিটেইল আউটলেটৰ পৰা সেই মচলাসমূহৰ নমুনাবোৰ সংগ্ৰহ কৰিছিল। নিয়মীয়া খাদ্য নিৰীক্ষণ কাৰ্যসূচীৰ পৰীক্ষাৰ ফলাফলে দেখুৱাইছে যে নমুনাবোৰত এবিধ কীটনাশক, ইথিলিন অক্সাইড আছিল।

চিএফএছে সংশ্লিষ্ট বিক্ৰেতাসকলক এনে ঘটনাৰ বিষয়ে অৱগত কৰিছে আৰু তেওঁলোকক সেই মচলাসমূহৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি এভাৰেষ্ট গ্ৰুপৰ ফিছ কাৰী মচলাতো কীটনাশক থকাৰ কথা প্ৰমাণ হৈছে। কৰ্কট ৰোগৰ বিষয়ে গৱেষণা কৰা আন্তৰ্জাতিক সংস্থাই গ্ৰুপ ১ কাৰ্চিনোজেন হিচাপে শ্ৰেণীবদ্ধ কৰা ইথিলিন অক্সাইডে গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় বিপদ মাতিব পাৰে বুলি কোৱা হৈছে।

এই ফলাফলৰ প্ৰতিক্ৰিয়া স্বৰূপে, হংকং আৰু ছিংগাপুৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ছিংগাপুৰে এভাৰেষ্টৰ মচলা বিক্ৰী নিষিদ্ধ কৰিছে। ২০২৩ চনতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফডিএ) এভাৰেষ্টৰ বহু মচলা নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল। ইউৰোপীয় খাদ্য সুৰক্ষা কৰ্তৃপক্ষ (ইএফএছএ) ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদন অনুসৰি ভাৰতত কমেও ৫২৭ বিধ খাদ্য সামগ্ৰীত ক্ষতিকাৰক পদাৰ্থ থকা দেখা গৈছে যি মানৱ শৰীৰৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে। ইয়াৰ উপৰি এভাৰেষ্ট, এম.ডি.এইচ. আৰু আন কিছুমান ভাৰতীয় মচলা নিৰ্মাতাৰ সামগ্ৰীত ইথিলিন অক্সাইড পোৱা গৈছে। ইউৰোপীয় ইউনিয়নে এই বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কাৰণ ইউৰোপীয় ইউনিয়নৰ দেশসমূহত খাদ্যত ইথিলিন অক্সাইডৰ ব্যৱহাৰ নিষিদ্ধ। ইথিলিন অক্সাইড সাধাৰণতে কৃষিত কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। খাদ্যত ইয়াৰ ব্যৱহাৰ বহু দেশত নিষিদ্ধ।

Leave A Reply