Breaking

৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…

0 36

৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে। ৬০ বছৰীয়া ‘যুৱতী’ আলেজান্দ্ৰা মাৰিছা ৰড্ৰিগেজে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ মঞ্চত সেই কথা প্ৰমাণ কৰে যে বয়স মাথোঁ এটি সংখ্যাহে।


আলেজান্দ্ৰা আৰ্জেণ্টিনাৰ লা প্লাটাৰৰ বাসিন্দা। পেছাত তেওঁ এগৰাকী অধিবক্তা আৰু সাংবাদিক। ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াৰ্ছ’ নামৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হৈ শিৰোনাম দখল কৰিছেআলেজান্দ্ৰাই।


বিজয়ী হোৱাৰ পিছত চলিত বৰ্ষৰ মে’ মাহত ‘মিছ ইউনিভাৰ্ছ আৰ্জেন্টিনা’ নামৰ সৌন্দৰ্য্য প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে আলেজান্দ্ৰাই।


সমগ্ৰ বিশ্বৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা মঞ্চত আলেজান্দ্ৰাই নিজৰ নাম উজলাব বিচাৰিছিল। আলেজান্দ্ৰাই প্ৰমাণ কৰিব বিচাৰিছিল যে বয়স সৌন্দৰ্য্যৰ কোনো বাধা নহয়।


Leave A Reply