Breaking

দীপিকা পাডুকনক নকল কৰি অনুৰাগীৰ টাৰ্গেটত আলিয়া ভাট…

0 76

দীপিকা পাডুকনক নকল কৰাৰ বাবে অনুৰাগী ট্ৰ’লৰ সন্মুখীন আলিয়া ভাট। ট্ৰ’লাৰসকলে দীপিকাৰ পোছাকৰ সৈতে তেওঁৰ শেহতীয়া ফটোশ্বুটৰ তুলনা কৰিছে। আনহাতে এফালে মেট গালাত উপস্থিত হোৱাৰ সময়ত আলিয়াক দীপিকা পাডুকনৰ পৰা নিজৰ লুক নকল কৰাৰ অভিযোগ উত্থাপন কৰি ট্ৰ’ল কৰা হৈছিল। আনহাতে, এতিয়া আকৌ আলিয়া দীপিকাৰ কান লুক কপি কৰাৰ বাবে ট্ৰলাৰৰ টাৰ্গেটত। ছ’চিয়েল মিডিয়াত দুয়োৰে অনুৰাগীয়ে অভিনেত্ৰী গৰাকীক লৈ তৰ্ক কৰিছে।শেহতীয়াকৈ দীপিকা পাডুকনৰ এগৰাকী অনুৰাগীয়ে আলিয়া ভাট আৰু দীপিকা পাডুকনৰ এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। য’ত দুয়োগৰাকী অভিনেত্ৰীক একে সাজ-পোছাকত দেখা গৈছে। এই ছবিখনত আলিয়া ভাটক এখন আলোচনীৰ কভাৰ পেজৰ শ্বুটিঙৰ বাবে নিয়ন গ্ৰীণ ড্ৰেছত দেখা গৈছে। ইয়াৰ লগে লগে ফেনে ৭২ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত দীপিকাৰ এখন ছবি শ্বেয়াৰ কৰিছে। য’ত দেখা গৈছে অভিনেত্ৰীগৰাকীক সেউজীয়া ৰঙৰ টুল গাউন পিন্ধি থকা অৱস্থাত। এই ফটো খন শ্বেয়াৰ কৰাৰ সময়ত অনুৰাগীগৰাকীয়ে কেপচনত লিখিছে, ‘আলিয়া ভাটে দীপিকা পাডুকন হ’বলৈ চেষ্টা কৰিছে’।

আলিয়াৰ সমর্থনত ছ’চিয়েল মিডিয়াত কাজিয়া কৰিছে অনুৰাগীয়ে। এজন অনুৰাগীয়ে লিখিছে, ‘তেওঁ টুল ড্ৰেছটো ভাল পায়। ২০১৮ চনতো এই পোছাক পিন্ধিছিল। আলিয়াৰ বাবে এইটো নতুন কথা নহয়।

Leave A Reply