Breaking

পিতৃৰ জীৱনৰ ৰহস্য উদঙালে আলিয়া ভাটে, ক’লে – ‘যেতিয়া হাতত টকা নাছিল তেতিয়া মদত ডুব গৈছিল’

0 59

পিতৃ-মাতৃৰ সংগ্ৰামৰ কথা প্ৰকাশ কৰিছে আলিয়া ভাটে। আলিয়াই কয় যে তেওঁৰ পিতৃ-মাতৃৰ যি সংগ্ৰাম দেখিছে, সেই সংগ্ৰাম তেওঁ সদায় অনুভৱ কৰি আহিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত পিতৃ-মাতৃৰ সংগ্ৰামৰ বিষয়ে মুকলিকৈ ক’লে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে। আলিয়াই মহেশ ভাট আৰু মাতৃ ছোনী ৰাজদানৰ বহু গোপন কথা প্ৰকাশ কৰিছে। আলিয়াই কয় যে এটা সময়ত দেউতাকৰ এখন ছবি নহয় বহু ছবি ফ্লপ হৈছিল। পইচা নাছিল আৰু মদৰ আসক্তিত ভুগিছিল। মদ্যপান এৰিবলৈ বহুত চেষ্টা কৰিছিল যদিও জীৱন আৰু কৰ্মক্ষেত্ৰত বহু উত্থান-পতন দেখিছিল। মাক ছোনী ৰাজদানৰ কথা কওঁতে আলিয়াই কয় যে যেতিয়া তাই চিনেমালৈ আহিছিল তেতিয়া তাইৰ কাৰো লগত কোনো সম্পৰ্ক নাছিল আৰু তাইৰ প্ৰাৰম্ভিক পৰ্যায়ত হিন্দীও ক’ব পৰা নাছিল।


মা মুখ্য অভিনেত্ৰী হ’ব পৰা নাছিল! মহেশ ভাটে ৮০ৰ দশকত আৰ্থ (১৯৮২) আৰু সাৰংশ (১৯৮৪)ৰ দৰে ছবি নিৰ্মাণ কৰিছিল। উৎকৃষ্ট চিনেমা নিৰ্মাণৰ বাবে তেওঁ পৰিচিত। আনহাতে ছোনী ৰাজদানে বুনিয়াদৰ দৰে টিভি ধাৰাবাহিকত কাম কৰিছিল। আলিয়াই কয় যে মাক কেতিয়াও মূলসুঁতিৰ নায়িকা হ’ব নোৱাৰে। মানুহে পৰামৰ্শ দিছিল যে তাই কঠোৰ পৰিশ্ৰম কৰিব লাগে আৰু এদিন মূল নায়িকা হ’ব কিন্তু এই কথা সঁচা নহ’ল। আনহাতে আলিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰা ৰাজী ছবিখনতো সোণীক দেখা গৈছিল।


Leave A Reply