Breaking

লোকসভা নিৰ্বাচনত ভোট দিব নোৱাৰিব আলিয়া, কেটৰিনা; জেকলিনে! কিয় জানেনে…

0 36

আলিয়া-ইলিয়ানাৰ দৰে কেইবাগৰাকীও বলীউডৰ তাৰকাই লোকসভা নিৰ্বাচনত ভোট দিব নোৱাৰিব! ভোটদানৰ উন্মাদনাৰ মাজতে এনে কিছুমান বলীউডৰ তাৰকা আছে যিয়ে ইচ্ছা কৰিলেও এইবাৰৰ লোকসভা নিৰ্বাচনত ভোট দিব নোৱাৰে।১৯ এপ্ৰিলত সমগ্ৰ দেশতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পূৰ্ণ হয়। ১ জুনলৈকে চলিব নিৰ্বাচন। সমগ্ৰ দেশতে ভোটদানৰ উন্মাদনা বৃদ্ধি পাইছে। কেৱল ৰাজনীতিবিদেই নহয়, জনসাধাৰণৰ পৰা তাৰকালৈকে—৪ জুনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ফলাফলৰ বাবে সকলোৱে আগ্ৰহেৰে বাট চাই আছে। চৰকাৰৰ কিবা পৰিৱৰ্তন হ’ব নে নহয়, তাৰ ওপৰত সকলোৰে দৃষ্টি।


নৃত্য শৈলীৰ ক্ষেত্ৰত ভাৰতত নোৰাৰ জনপ্ৰিয়তা বহুত বেছি। তেওঁৰ নৃত্য ভিডিঅ’ তেওঁৰ অনুৰাগীৰ অন্যতম আকৰ্ষণ। ছ’চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীৰ সংখ্যা প্ৰায় ৭ কোটি! শেহতীয়াকৈ বলীউডত ১০ বছৰীয়া কেৰিয়াৰ সম্পূৰ্ণ কৰিলে নৃত্যশিল্পী-অভিনেত্ৰী নোৰা ফাতেহীয়ে। অৱশ্যে নোৰা জন্মসূত্ৰেও কানাডাৰ নাগৰিক। গতিকে ভাৰতত তেওঁৰ ভোটদানৰ কোনো অধিকাৰ নাই।


বলীউডৰ শীৰ্ষ অভিনেত্ৰীৰ ভিতৰত আলিয়া। বিভিন্ন চৰিত্ৰত তেওঁৰ বাকপটু অভিনয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ব্ৰিটিছ নাগৰিকত্বৰ বাবে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিব আলিয়াই। অভিনেত্ৰীগৰাকীয়ে মাতৃ ছোনী ৰাজদানৰ জৰিয়তে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰিছিল। ব্ৰিটিছ নাগৰিক হিচাপে আলিয়াৰ ভাৰতত ভোটদানৰ অধিকাৰ নাই।


ভাৰতত কেটৰিনা কাইফৰ ভোটাধিকাৰো নাই। আলিয়াৰ দৰে কেটৰিনাৰো ব্ৰিটেইনৰ নাগৰিক। ব্ৰিটিছ শাসনৰ অধীনত হংকঙত জন্মগ্ৰহণ কৰা কেটৰিনা পিছলৈ মডেলিংৰ বাবে লণ্ডনলৈ গুচি যায়। ইয়াৰ পিছত তেওঁ অভিনয় কৰিবলৈ ভাৰতলৈ আহিছিল। ২০২১ চনৰ ৯ ডিচেম্বৰত অভিনেতা ভিকি কৌশলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তথাপিও কেটৰিনাৰ ভোট দিয়াৰ কোনো অধিকাৰ নাই।


বলীউডৰ আগশাৰীৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ। লগতে এগৰাকী আইটেম গাৰ্ল। কিন্তু এইবাৰৰ নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিব জেকলিনে। জেকলিন ভাৰতৰ বাসিন্দা নহয়, আচলতে তেওঁ শ্ৰীলংকাৰ বাসিন্দা। তেওঁৰ পিতৃ শ্ৰীলংকাৰ বাসিন্দা, মাতৃ মালয়েছিয়াৰ বাসিন্দা। তেওঁ দীৰ্ঘদিন ধৰি কেৱল ব্যৱসায়ৰ বাবেই ভাৰতত আছে। ইতিমধ্যে ভাৰতত ঘৰ কিনিছে। ২০০ কোটি টকাৰ আৰ্থিক জালিয়াতিৰ গোচৰত অভিনেত্ৰী গৰাকীৰ নাম জড়িত।




১৯৮৪ চনৰ ১০ জানুৱাৰীত পুডুচেৰীত জন্মগ্ৰহণ কৰিছিল কলকি কেংকলাৰ। শ্ৰী অৰোবিন্দোৰ আশ্ৰম শ্ৰী অৰোভিলৰ আশ্ৰম আছিল তেওঁৰ পিতৃ জোৱেল কেনকালা আৰু মাতৃ ফ্ৰান্সোৱা আৰ্মাণ্ডী। দুয়োজনেই ফ্ৰান্সৰ বাসিন্দা। আইফেল টাৱাৰ নিৰ্মাণৰ লগত কাল্কিৰ প্ৰপৌত্ৰ মৰিছ কেংকলাৰ সম্পৰ্ক আছে। শৈশৱৰ বেছিভাগ সময় কল্কীয়ে শ্ৰী অৰোভিলত কটায়। ইয়াৰ পিছত তেওঁলোকৰ নতুন ঠিকনা আছিল তামিলনাডুৰ উটিৰ ওচৰৰ কল্লাট্টি গাঁও।কল্কী পোন্ধৰ বছৰীয়া কিশোৰী হৈ থাকোঁতে মাক-দেউতাক বিচ্ছেদ হৈছিল। দ্বিতীয় বিবাহৰ পিছত জোৱেল বাংগালুৰুলৈ গুচি যায়। ফ্ৰাচোয়া পুৰণি ঠিকনাত কল্কিৰ লগত থাকিল। ইয়াৰ পিছত তেওঁ নাটক অধ্যয়ন কৰিবলৈ লণ্ডনলৈ যায়। লণ্ডনৰ পৰা কাম কৰাৰ কাৰণে তেওঁ পুনৰ ভাৰতলৈ উভতি আহে। অভিনয়ৰ বাবে ভাৰততো ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে কল্কীয়ে। কিন্তু ফ্ৰান্সৰ নাগৰিক হোৱাৰ বাবে ভাৰতত ভোটদানৰ অধিকাৰ নাই অভিনেত্ৰীগৰাকীৰ।

Leave A Reply