মানুহৰ মাজতেই ছদ্মবেশত ঘূৰি ফুৰিব পাৰে এলিয়েনে! হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দাবীক লৈ আলোড়ন…

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দাবীক লৈ আলোড়নৰ সৃষ্টি হৈছে। বেলেগ গ্ৰহৰ প্ৰাণীকলৈ মানুহৰ কৌতূহলৰ অন্ত নাই। ভিন্ন গ্ৰহৰ প্ৰাণীৰ যান বহু ঠাইত দেখা পোৱা বুলিও বহুতে দাবী কৰি আহিছে। এইবাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে এইবুলি দাবী কৰিছে যে ভিন্ন গ্ৰহণৰ এলিয়েনে মানুহৰ ৰূপ ধাৰণ কৰি আমাৰ মাজতে ঘূৰি-ফুৰিব পাৰে। যদি গৱেষকৰ এই দাবী সঁচা হয় তেন্তে বিশ্বব্ৰহ্মাণ্ডত যে আমি অকলশৰীয়া নহয় সেয়া প্ৰমাণ হ’ব।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দাবী কৰা হৈছে যে পৃথিৱীত গোপনে মানুহৰ মাজত এলিয়েন বাস কৰি থাকিব পাৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ হিউমেন ফ্ল’ৰিছিং প্ৰগ্ৰেমৰ গৱেষকসকলৰ এক নতুন গৱেষণা পত্ৰত কোৱা হৈছে যে এলিয়েনে মানুহৰ মাজত বিচৰণ কৰি থাকিব পাৰে। গৱেষণাটোৱে এইবুলিও কৈছে যে ইউ এফ অ’ৰ সহায়ত এলিয়েনে পৃথিৱীলৈ আহিব পাৰে। কিন্তু এলিয়েনে মানুহৰ মাজত থাকি কেনে তথ্য সংগ্ৰহ কৰিব পাৰে সেই বিষয়ত গৱেষকসকলে বিশেষ কোনো মন্তব্য কৰা নাই। উল্লেখ্য আমেৰিকাৰ বহুতে এলিয়েনৰ যান ইউ এফ অ’ দেখা বুলি দাবী কৰি আহিছে।

Related Articles