Breaking

সৰুপথাৰত সদৌ অসম আন্ত:মহাবিদ্যালয়, বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা ৷ শ্ৰেষ্ঠ তাৰ্কিক মনোজ কুমাৰ বৰুৱা…

0 86

সোণালী জয়ন্তী বৰ্ষ গড়কা ঐতিহ্য মণ্ডিত সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ষযোৰা অনুষ্ঠানৰ আৰু সৰুপথাৰত অনুষ্ঠিত হ’ব লগা সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ সপ্তম দ্বি বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি শনিবাৰে অসম ভিত্তিত আন্ত:মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় ভিক্তিত সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ উদ্যোগত সৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ বিষয় হৈ “এক দেশ ,এক নিৰ্বাচনৰ জৰিয়তেহে ভাৰতৰ গণতন্ত্ৰ অধিক শক্তিশালী আৰু ফলপ্ৰসূ হ’ব ” বিষয়ক লৈ দিনযোৰা কাৰ্যসুচীৰে সৰুপথাৰ মহাবিদ্যালয়ৰ স্বৰ্গীয় মুহীকান্ত তামুলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিৰ বন্তি প্ৰজ্বলন কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধক্ষ্যা ড° প্ৰাপ্তি ঠাকুৰে , তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰে চুতীয়া ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু চুতীয়াই ৷

সৰুপথাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী বিভাগৰ অধ্যাপক সত্যব্ৰত দত্তই আঁত ধৰা তৰ্ক প্ৰতিযোগিতাখনিৰ অধক্ষ্যতা কৰে বিশিষ্ঠ স্তম্ভ লেখক , দৈনিক জনমভূমি কাকতৰ সাপ্তাহিক বসুন্ধৰা আলোচনী সম্পাদক শান্তৱ কৌশিক বৰুৱা আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপীকা ড° মহেশ্বেতা দেবী , বিশিষ্ঠ তাৰ্কিক , সাংবাদিক অংশুমান ভৰদ্বাজ , সদৌ অসম তাৰ্কিক সন্হাৰ সম্পাদক বিশিষ্ঠ তাৰ্কিক প্ৰাঞ্জল প্ৰতীম ডেকাই বিচাৰকৰ আসন অলংকৃত কৰে ৷ তৰ্ক প্ৰতিযোগিতাখনি সদৌ অসম ভিক্তিত অনুষ্ঠিত কৰা হৈছিল যদিও চুবুৰীয়া মেঘালয়ৰ প্ৰতিযোগীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ বিশ্ব বিদ্যালয় আৰু মহাবিদ্যালয় ২৩গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা গাম্ভীৰ্যপূৰ্ণ প্ৰতিযোগিতাখনিত শ্ৰেষ্ট তাৰ্কিক হিচাপে গুৱাহাটীৰ (IMCMS) মনোজ কুমাৰ বৰুৱা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিৱাশীষ শৰ্মা , তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বানন্দ নেওগে জয় লাভ কৰিবলৈ সক্ষম লগতে দলীয় শাখাত প্ৰথম জগন্নাথ বৰুৱা মহাবিদ্যালয় (যোৰহাট)ৰ ৰৌনৰ ৰূপম পৰাশৰ আৰু জ্যাজ্ঞত্ৰী চুতীয়া আৰু দ্বিতীয় দল দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ দিব্যজ্যোতি নাথ আৰু উৎপল বৰাৰ দলে জয়লাভ কৰে ৷

সাম্পতিক সময়ৰ আলোচনাৰ খুবেই প্ৰয়োজনীয় বিষয়ক লৈ অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিত জুৰীৰ বিশেষ বঁটা সৰুপথাৰ মহাবিদ্যালয়ৰ সঞ্জীৱ দত্ত আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয় মেঘালয়ৰ ল’ৰেটৌ কনভেন্টৰ দৰ্শনা পাটোৱাৰীয়ে ৷ সদৌ অসম চুতীয়া ছাত্ৰ সন্হাই দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাদীশ প্ৰীয়ম ফুকন , সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰা , সাধাৰণ সম্পাদক ৰাজু চুতীয়া , সহকাৰী সম্পাদক অৱন বৰা , গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মানস জ্যোতি শইকীয়া , জিলা সহকাৰী সম্পাদক দীপ শইকীয়া , ধনশিৰি মহকুমা সমিতিৰ সভাপতি অভিজিৎ শইকীয়া , সাধাৰণ সম্পাদক ৰক্তিম হাজৰীকাৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰ সকল উপস্হিত থাকে ৷

Leave A Reply