Breaking

সদৌ অসম কবি মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতা ! এই প্ৰতিযোগিতাত নিৰ্বাচিত শ্ৰেষ্ট কাব্যগ্ৰন্থখনলৈ আগবঢ়োৱা হ’ব “সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ” বঁ‌টা ২০২৩…

0 118

অসমীয়া সাহিত্য জগতৰ অগ্ৰণী সাহিত্য চৰ্চাৰ অনুষ্ঠান “সদৌ অসম কবি মঞ্চ”ই অসমৰ সাহিত্য জগতৰ ন পূৰণি কবিসকলক উৎসাহিত কৰাৰ মানসেৰে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। সদৌ অসম কবি মঞ্চই সদৌ অসম ভিত্তিত লেখক- লেখিকাসকলৰ মাজত প্ৰতিবছৰে “কাব্যগ্ৰন্থ প্ৰতিযোগিতা”ৰ আয়োজন কৰি আহিছে। এইবেলিও আয়োজন কৰা হৈছে অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত নিৰ্বাচিত শ্ৰেষ্ট কাব্যগ্ৰন্থখনলৈ আগবঢ়োৱা হ’ব “সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ” বঁ‌টা ২০২৩। এই বঁ‌টাত থাকিব নগদ ধন, মানপত্ৰ, স্মাৰক আৰু বঁ‌টা।

ইচ্ছুক প্ৰতিযোগীসকলে 9401367387, 9127317126, 9101519160 নম্বৰত যোগাযোগ কৰি প্ৰ-পত্ৰ সংগ্ৰহ কৰি ১ জানুৱাৰী ২০২১ চনৰ পৰা ১৫ ছেপ্তেম্বৰ ২০২৩ চনৰ ভিতৰত প্ৰকাশিত নিজৰ কাব্যগ্ৰন্থৰ তিনিটা কপি প্ৰ-পত্ৰত উল্লেখিত ঠিকনালৈ ৩০ নবেম্বৰ ২০২৩ বৃহস্পতিবাৰৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব বুলি সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে জনাইছে। উল্লেখ্য যে ২০২২ বৰ্ষত আয়োজিত সদৌ অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ অভুতপূৰ্ব সঁ‌হাৰি আৰু আয়োজক সদৌ অসম কবি মঞ্চৰ সু-পৰিচালনাৰে সফল সমাপ্তিৰ পিছত এইবেলি আৰু অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ আশা কৰিছে সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে। মন কৰিবলগীয়া কথা যে সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ সাম্প্ৰতিক পৰিস্থিতিত অসমৰ ভিন্ন অঞ্চলত দুখীয়া জনগণক সহায়ৰ হাত আগবঢ়াই সকলো মানুহৰ সুখ-দুখৰ সমভাগী হৈ ৰাইজৰ মাজত জনপ্ৰিয় হোৱা এগৰাকী নিষ্ঠাৱান সমাজসেৱক।

চৰকাৰী দায়িত্বশীল পদবীত থাকিও দিনমণি ভাণ্ডাৰ কায়স্থদেৱে সকলো সামাজিক, আধ্যাত্মিক আদি অনুষ্ঠান-প্ৰতিষ্ঠানত সহায়ৰ হাত আগবঢ়াই অহাৰ লগতে আৰ্তজনক বিভিন্ন প্ৰকাৰে সহায় কৰি সকলোৰে প্ৰিয়ভাজন হৈ পৰিছে। তেখেতৰ ৰাজহুৱা কৰ্মৰাজিৰ স্বীকৃতি হিচাপে কামৰূপ জিলা সাহিত্য সভাই তেখতক সমাজৰত্ন বঁ‌টা আৰু সদৌ অসম কবি মঞ্চই ২০২২ বৰ্ষৰ সেৱাৰত্ন বঁটাৰে সন্মানিত কৰিছে। এইগৰাকী সমাজসেৱকৰ নামেৰে যোৱাবছৰৰ পৰা সদৌ অসম কবি মঞ্চই আয়োজন কৰা অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ শ্ৰেষ্ট কাব্যগ্ৰন্থলৈ “সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা” আগবঢ়াই আহিছে। অসম ভিত্তিত আয়োজিত এই কাব্যগ্ৰন্থ প্ৰতিযোগিতাত নিজৰ প্ৰকাশিত কাব্যগ্ৰন্থৰে সকলো স্তৰৰ লেখক লেখিকাই অংশগ্ৰহণ কৰিব পাৰিব বুলি জনাইছে সদৌ অসম কবি মঞ্চই।


জিতু কাঞ্চন
প্ৰধান সম্পাদক
সদৌ অসম কবি মঞ্চ

Leave A Reply