Breaking

সদৌ অসম কবি মঞ্চৰ প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱস উদযাপন…

0 50

যোৱা ৮ মাৰ্চ শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অসমৰ সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সদৌ অসম কবি মঞ্চৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত সদৌ অসম কবি মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস তথা বৰ্ষপূৰ্তি আৰু আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া সমাজ জীৱনলৈ বৰঙণি আগবঢ়াই যোৱা বৰেণ্য ব্যক্তিসকলৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ৷ এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাস, সদৌ অসম কবি মঞ্চৰ যুটীয়া সম্পাদক অলকেশ কলিতা আৰু সহকাৰী সম্পাদক কুলদ্বীপ গৌতম শৰ্মাই। সমলয় সত্ৰীয়া সংগীত বিদ্যালয় মালিগাৱৰ শিল্পীসকলে পৰিবেশন কৰা অসমৰ লোক সংস্কৃতিৰ অন্যতম ভোৰতাল নৃত্যৰে দিনযোৰা বৰ্ণাঢ্য অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে আঁত ধৰা এই অনুষ্ঠানত

আদৰণি ভাষণ ৰাখে সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামানে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এমন্ত্ৰণৰ উপ প্ৰৱন্ধক তথা দাপোণ সাংস্কৃতিক কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট কবি তথা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰশান্ত শৰ্মা আৰু আমন্ত্ৰিত অতিথি হিচাপে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° প্ৰশান্ত শৰ্মাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে সদৌ অসম কবি মঞ্চৰ প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজিত এই বৰ্ণিল অনুষ্ঠানৰ লগত সংগতি ৰাখি ড° মামণি ৰয়ছম গোস্বামী স্মাৰক এক বক্তৃতানুষ্ঠান আৰু ফাগুনৰ পচোৱাত কবিতাৰ সুবাস শীৰ্ষক কবিতা পাঠৰো আয়োজন কৰা হয়। বক্তৃতানুষ্ঠানত সমল বক্তা হিচাপে উপস্থিত থাকে কে আৰ বি ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° নিৰুপমা শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱষণা বিভাগৰ সহকাৰী অধ্যাপিকা ড° মেঘনা চৌধুৰী আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ফুনু দাস শৰ্মাৰ লগতে সমাজসেৱক ধ্ৰুৱজ্যোতি বৰুৱা।

সদৌ অসম কবি মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত ফাগুনৰ পচোৱাত কবিতাৰ সুবাস শীৰ্ষক কবিতা পাঠ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে কবিতা পাঠ কৰাৰ লগতে অসমৰ কেইবাখনো জিলাৰ পৰা অহা প্ৰায় দেৰ শতাধিক কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। গীত নৃত্য আৰু কবিতা পাঠৰ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সদৌ অসম কবি মঞ্চৰ কাৰ্য্যকৰী সভাপতি সৰোজিনী বসুমতাৰী, উপ-সভাপতি অন্নদা বড়ো ৰংপী, সহকাৰী সম্পাদক ৰেখামণি কোঁ‌ৱৰ, পত্ৰিকা সম্পাদক প্ৰিয়াশ্ৰী নেওগ, কাৰ্য্যনিৰ্বাহক সদস্যা তথা সাংবাদিক জেবিন চুলতানা, শ্ৰুতিস্মিতা ডেকা, বৰষা দাসৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া আৰু জিলা শাখা সমিতিৰ প্ৰতিনিধিৰ লগতে কটন বিশ্ববিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চন আৰু যুটীয়া সম্পাদক চাকিল আহমেদে অনুষ্ঠানটো সফলতাৰে সমাপ্তি কৰাত সহযোগ কৰা বাবে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু সদৌ অসম কবি মঞ্চৰ সমূহ বিষয় ববীয়া, অতিথিসকল, শুভাকাংক্ষীসকলৰ লগতে সংবাদ মাধ্যমৰ শলাগ লয়।৷

Leave A Reply