Breaking

সদৌ অসম প্ৰাইজমানী ক্ৰিকেট। চেম্পিয়নৰ খিতাপ অৰ্জন ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰৰ

0 99

মৰিয়নিৰ হিমন্ত বিশ্ব শৰ্মা ফেনচ ক্লাৱৰ উদ্যোগত বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাইজমানী টুৱেন্টি – টুৱেন্টি ক্ৰিকেট টুৰ্ণামেন্টত আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত ডিগবৈয়ে হোজাই ক্ৰিকেট ক্লাৱক ১১২ ৰানৰ ব্যৱধানত পৰাজিত কৰি খিতাপ অৰ্জন কৰে । ডিগবৈয়ে প্ৰথমে বেটিঙ কৰি নিৰ্দ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ১৮৩ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি হোজাইয়ে ১৩•২ অভাৰত মাত্ৰ ৭৯ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে । খেলখন পৰিচালনা কৰে শংকু ঘোষ আৰু সান্তু বসাকে । ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰৰ পংকজ কোঁ‌ৱৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটছমেন, মৰিয়নিৰ ৰয়েল চেলেঞ্জাৰৰ অজয় কৰ্মকাৰ শ্ৰেষ্ঠ বলাৰ, যোৰহাট চিটী বয়জৰ প্ৰৱাল বৰকটকী শ্ৰেষ্ঠ ফিল্ডাৰ নিৰ্বাচিত হয় ।ডিগবৈ ক্ৰিকেট ক’চিং চেন্টাৰৰ ৰঞ্জিত হাজৰিকাই ফাইনেলৰ ‘মেন অৱ দি মেচ’ আৰু ৰয়েল চেলেঞ্জাৰ মৰিয়নিৰ নীৰজ দত্তই ‘মেন অৱ দি টুৰ্ণামেন্টৰ সন্মান অৰ্জন কৰে ।

ফাইনেল খেলখনৰ পিছত পিযুষ কান্তি শৰ্মাই আঁ‌ত ধৰা বঁটা বিতৰণি অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম ৰাজ্যিক মহিলা ক্ৰিকেট দলৰ অধিনায়িকা বেদশ্ৰী বৰপাত্ৰগোঁ‌হাই, ফেন্স ক্লাৱৰ সভাপতি দীপেন চেতিয়া ব্যক্তি সকল উপস্থিত থাকে। চুড়ান্ত খেলখনৰ বিজয়ী দলক নগদ পঞ্চাশ হাজাৰ টকা, ট্ৰফী, প্ৰশস্তি পত্ৰ আৰু ৰাণার্চ আপ দলক নগদ ত্ৰিশ হাজাৰ টকা, , ট্ৰফী, প্ৰশস্তিপত্র প্ৰদান কৰা হয় ।

Leave A Reply