Breaking

টেঙাখাতৰ হাবিচুক নামঘৰত সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত

0 1,592

টেঙাখাতৰ হাবিচুক নামঘৰত সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত৷সমগ্ৰ ৰাজ্যতে এতিয়া ভকত বৈষ্ণৱ সকলে ভাদমাহ উপলক্ষে ভদিয়া নামলোৱা পৰিলক্ষিত হয়৷ইয়াৰ সমান্তৰাল ভাৱে বায়নচুকৰ হাবিচুক নামঘৰতো ভকত বৈষ্ণৱ সকলে ভদিয়া নামে সমগ্ৰ পৰিৱেশ মূখাৰিত কৰি তোলে৷উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা হাবিচুক নামঘৰত উপস্থিত হৈ ভক্ত প্ৰাণ ৰাইজৰ লগত হৰি নাম লোৱা উপৰিও মাহ-পশাদৰ শৰাই লগতে দুযোৰ নাগাৰা বাদ্য হাবিচুক নামঘৰলৈ আগবঢ়াই৷

সম্পাদক গৰাকী উপস্থিতিত হাবিচুক নামঘৰৰ ভকত বৈষ্ণৱ সকলে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়৷ইয়াৰ উপৰিও ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা উপ সভাপতি কনক গগৈ , সাংবাদিক মনজিৎ বড়া , টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা উপদেষ্টা সিমান্ত হাজৰিকা , সভাপতি অভিজিৎ শইকীয়া, সম্পাদক প্ৰকাশ শইকীয়া ,দুলীয়াজান ছাত্ৰ সন্থা কৰ্মী মিণ্টু গগৈ টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা কৰ্মী ভাস্কৰ প্ৰতিম হাজৰিকা উপস্থিত থকা পৰিলক্ষিত হয়৷

Leave A Reply