Breaking

মূল্য বৃদ্ধি ৰোধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

0 2,061

পুনৰ চৰকাৰ বিৰোধী শ্ল’গানত কপিল গোলাঘাট চহৰ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে  অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি  ৰূপায়ণ  কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । গোলাঘাটতো জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাই মূল্য বৃদ্ধি ৰোধৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। 

অত্যাৱশ্যকীয় সামগ্ৰী চাউল, দাইল, পেট্ৰল, ডিজেল, চিলিণ্ডাৰ আদি সন্মুখত লৈ এই প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ।অসম চৰকাৰ হায় হায়, যোগান বিভাগ কাম নাই , বিজেপি চৰকাৰ গ’বেক আদি বিভিন্ন শ্ল’গানেৰে  উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে জনসাধাৰণৰ স্বাৰ্থক সম্পূৰ্ণৰূপে আওকাণ কৰা  ৰাজ্য চৰকাৰক  ধিক্কাৰ জনাই ছাত্র সংগঠন টোৱে।

Leave A Reply