Breaking

বিশ্বনাথৰ নদুৱাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মশালা

0 93

বিশ্বনাথ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আয়োজন কৰা এদিনীয়া কাৰ্যসুচীৰে জনগোষ্ঠীটোৰ উন্নয়নৰ বিভিন্ন দিশ তথা সাংগাঠনিক দিশৰ ওপৰত আলোকপাত কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা বিষয়ববীয়াৰে এক কৰ্মশালাৰ আয়োজন কৰে ৷

শনিবাৰে নদুৱাৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই কৰ্মশালাত সভাপতিত্ব কৰে বিশ্বনাথ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি চংগল গয়াৰীয়ে ৷ কৰ্মশালাটোৰ শুভ উদ্বোধন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক তথা বিশ্বনাথ জিলা এবছুৰ উপদেষ্টা নিজম গয়াৰীয়ে।

এই কৰ্মশালা বিশ্বনাথ জিলাৰ অন্তৰ্গত ৬ টা আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ৷ কৰ্মশালাৰ মুখ্য অতিথি হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি Kwrwmdao Waryয়ে কৰ্মশালাৰ ওপৰত বক্তব্য ৰাখে৷

নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনীদ্ৰ বসুমতাৰী। ইয়াৰ উপৰিও
নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা কুংক্ৰা স্বৰ্গীয়াৰী, সহ- সম্পাদক দিনেশ ব্ৰক্ষ্ম, ক্ৰীড়া সম্পাদক গনেশ বসুমতাৰী,
মুখপাত্ৰ অবিত নাৰ্জাৰী, শিক্ষা সম্পাদক সৌমচাৰ বসুমতাৰী, সমাজ সেৱক সুশান্ত মেছ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ জন-সম্পৰ্কীয় সম্পাদককে প্ৰমুখ্য কৰি শোণিতপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি, বিশ্বনাথ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰে।

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

Leave A Reply