Breaking

সৰ্বভাৰতীয় ইঞ্চপায়াৰ এৱাৰ্ড

0 2,037

 অতিমাৰী ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণে দেশ তথা ৰাজ্য এক প্ৰকাৰ স্তব্ধ কৰি পেলোৱাৰ লগতে বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠান।একাংশ ধনবন্ত বা মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীয়ে অন লাইন মাধ্যমেৰে শিক্ষা গ্ৰহন কৰি আছে যদিও দৰিদ্ৰ পৰিয়ালৰ বহু মেধাবী শিক্ষাৰ্থীয়ে এনে এক জটিল পৰিস্হিতিত হতাশাত সময় অতিবাহিত কৰিব লগা হৈছে।কিন্তু এনে হতাশজনক মূহুৰ্তত অসমৰ এগৰাকী দৰিদ্ৰ,পিতৃহীনা ছাত্ৰীয়ে অসমলৈ এক সুনাম কঢ়িয়াই আনিছে।ছাত্ৰীগৰকীৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ,নাজিৰা মহকুমা তথা সমগ্ৰ শিৱসাগৰ জিলাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়,নতুন দিল্লীয়ে আয়োজন কৰা সৰ্বভাৰতীয় ইঞ্চপায়াৰ এৱাৰ্ড(Inspire Award)অৰ্থাৎ বিজ্ঞানৰ উদ্ভাৱনীমূলক প্ৰতিযগিতাত অংশ গ্ৰহন কৰে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ টিপমীয়া ধনেখনা গাঁৱৰ প্ৰয়াত নেকীব আহমেদৰ কনিষ্ঠ কন্যা তথা লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০২০বৰ্ষত এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰী য়াচমিন আহমেদে।এই প্ৰতিযোগিতাত সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ ৬০গৰাকী যুৱ বিজ্ঞানীৰ ভিতৰত অসমৰ প্ৰতিযোগীসমূহৰ হৈ একমাত্ৰ য়াচমিন আহমেদে ” Improvise Climbing Wheel Chair” আবিস্কাৰ কৰি যুৱ বিজ্ঞানীৰূপে প্ৰথম হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷উল্লেখ্য যে য়াচমিন আহমেদে প্ৰতিবন্ধী তথা বিশেষভাবে সক্ষম ব্যক্তিয়ে পকীঘৰৰ খটখটিয়েদি বগাই যাব পৰা হুইল শ্বেয়াৰ উদ্ভাৱন কৰি ভাৰতৰ শীৰ্ষ ৬০গৰাকী যুৱ বিজ্ঞানীৰ ভিতৰত বিশেষ স্হান দখল কৰাৰ লগতে অসমৰ যুৱ বিজ্ঞানীসকলৰ ভিতৰত প্ৰথম স্হান দখল কৰি শিৱসাগৰ জিলা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷য়াচমিন আহমেদৰ এই উদ্ভাবনে আন এক সুখবৰ কঢ়িয়াই আনিছে৷ য়াচমিন আহমেদে আবিস্কাৰ কৰা এই হুইল শ্বেয়াৰখন ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে “পেটেন্ট”(Patent)ঘোষণা কৰিছে।আনহাতে অহা অক্টোবৰ মাহত শ্বিলঙত অনুষ্ঠিত হব লগা এক বিশেষ যুৱ বিজ্ঞানী সমাৰোহত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যুৱ বিজ্ঞানী য়াচমিন আহমেদক বঁটা প্ৰদান কৰিব।ইফালে য়াচমিন আহমেদে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰ্ণালয়ৰ পৰা এই বঁটা লাভ কৰাৰ বাবে জাপানৰ চাঁকুৰা এক্সেঞ্জ প্ৰগেম,ব্ৰীক্স আন্তঃৰাষ্ট্ৰীয় যুৱ বিজ্ঞানী কনক্লেভ সমাৰোহ,এছিয়ান ইনভেনচন চামিত,আই চি টি আই ভি(I C T I V)আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চ অন ক্ৰিয়েটিভিটি গ্ৰাছৰূত ইন’ভেচন কনক্লেভ,প্ৰধান মন্ত্ৰীৰ উদ্ভাৱনী সন্মিলন আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান বিষয়ক সমাৰোহত অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব।আনহাতে য়াচমিনে আবিস্কাৰ কৰা হুইল শ্বেয়াৰখন ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে পেটেন্ট ঘোষণা কৰাত উৎফুলিত হৈ পৰিছে শিক্ষক আৰু শিক্ষাৰ্থী সমাজ।ইফালে এটি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ এনে এটি বৈজ্ঞানিক আবিস্কাৰেৰে সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কূত হোৱাৰ বাবে অবিভক্ত শিৱসাগৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে পিতৃহীনা যুৱ বিজ্ঞানী য়াচমিন আহমেদক নিজা কাৰ্যালয় কক্ষত সম্বৰ্ধনা জনোৱা ৰ লগতে তত্বাৱধায়ক শিক্ষকদ্বয় সমীৰণ বৰঠাকুৰ,প্ৰাঞ্জল মহন্ত,জিলা আঁচনি বিষয়া ৰিছা শইকীয়া আৰু লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক থানুৰাম ৰাজকোঁৱৰক অভিনন্দন জ্ঞাপন কৰে।স্মৰ্তব্য যে য়াচমিন আহমেদে ২০১৪ বৰ্ষত প্ৰাথমিক বৃত্তি আৰু ২০১৭বৰ্ষত অষ্টম শ্ৰেণীত মূখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি লাভ কৰিছিল। 

Leave A Reply