Breaking

বিপদত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি বিভি শ্ৰীনিৱাস, অসম আৰক্ষীয়ে জাৰি কৰিলে জাননী, ২ মে’ত দিছপুৰ থানাত হাজিৰ হবলৈ নিৰ্দেশ

0 92

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া বিপদত পৰিছে কৰ্ণাটকৰ বাসিন্দা তথা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি বিভি শ্ৰীনিৱাস।অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই মানসিক নিৰ্যাতনৰ অভিযোগ তোলাৰ পিছতে নেতাগৰাকীৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে আৰক্ষী। বিভি শ্ৰীনিৱাসৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল অংকিতা দত্তই ৷অংকিতা দত্তৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৬৯২/২০২৩ নম্বৰত গোচৰ ৰুজু ৷ বিভি শ্ৰীনিৱাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটীৰ পৰা দুটাকৈ আৰক্ষীৰ দল ৰাওনা হৈছিল কৰ্ণাটক আৰু দিল্লীলৈ।এডিজিপি মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত কৰ্ণাটকলৈ ৰাওনাহোৱা অসম আৰক্ষীৰ দলটোৱে শ্ৰীনিৱাসৰ ঘৰত উপস্থিত হৈ আঁৰি দিয়ে জাননী। জাননীত ২ মে’ত পুৱা ১১ বজাত দিছপুৰ থানাত হাজিৰ হবলৈ বিভি শ্ৰীনিৱাসক নিৰ্দেশ দিয়া হৈছে। সময় অনুসৰি হাজিৰ নহ’লে শ্ৰীনিৱাসক গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে।

উল্লেখ্য নেতাগৰাকীৰ বিৰুদ্ধে সৰব হোৱাৰ পিছতে কংগ্ৰেছে অংকিতা দত্তক দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰিছে ৷ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে “লিংগ, জাতি-আধাৰিত উৎপীড়ন”ৰ অভিযোগ তুলিছিল কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তই। যুৱ কংগ্ৰেছৰ অসমৰ ৰাজ্যিক সভাপতি অংকিতা দত্তই যুৱ সংগঠনটোৰ ৰাষ্ট্ৰীয় মুৰব্বী শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি দাবী কৰিছে যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ দলটোৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীক শ্ৰীনিবাসৰ পৰা সন্মুখীন হোৱা নিৰ্যাতনৰ বিষয়ে অৱগত কৰিছিল । কিন্তু তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। অংকিতা দত্তই কয় “শ্ৰীনিবাস বিভিয়ে মোক নিৰন্তৰ হাৰাশাস্তি কৰি আহিছে আৰু মোৰ লিংগৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰিছে। মোৰ মূল্যবোধ আৰু শিক্ষাই মোক তেনে কৰিবলৈ অনুমতি নিদিয়ে। । বিভি শ্ৰীনিবাসে ভাবে যে তেওঁ শক্তিশালী আৰু ডাঙৰ নেতাসকলৰ আশীৰ্বাদ তেওঁৰ ওপৰত আছে । সেয়ে তেওঁ সংগঠনটোৰ এগৰাকী মহিলাক হাৰাশাস্তি আৰু অৱমাননা কৰিব পাৰে বুলি ভাবে,”। দত্তই কেইবাটাও টুইটত নেতাজনৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছে।

ৰাহুল গান্ধীক তেওঁৰ পোষ্ট টেগ কৰি দত্তই লিখিছে: “মই ৰাহুল গান্ধীৰ ওপৰত যথেষ্ট বিশ্বাস ৰাখিছিলো আৰু ভাৰত জোড়ো যাত্ৰাৰ সময়ত জম্মুলৈ গৈ তেওঁক শ্ৰীনিবাসৰ নিৰ্যাতন আৰু মোৰ প্ৰতি কৰা অৱমাননাৰ বিষয়ে অৱগত কৰিছিলো। এতিয়াও তেওঁৰ বিৰুদ্ধে কোনো তদন্ত হোৱা নাই”। দত্তই দাবী কৰিছিল যে তেওঁ শ্ৰীনিবাসৰ বিৰুদ্ধে দলৰ শীৰ্ষ বিষয়াসকলে ব্যৱস্থা লোৱাৰ বাবে কেইবা মাহ ধৰি অপেক্ষা কৰি আছিল, অৱশ্যে, তেওঁৰ অভিযোগ স্বত্বেও কোনো তদন্ত সমিতি গঠন কৰা হোৱা নাই। অসম কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে তেওঁৰ টুইটত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক সুধিছে: “মই এগৰাকী মহিলা নেত্ৰী। যদি মই এনে ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হওঁ, মই আন মহিলাসকলক কংগ্ৰেছ দলত যোগদান কৰিবলৈ কেনেকৈ উৎসাহিত কৰিব পাৰিম?”দত্তৰ মতে, শ্ৰীনিবাসৰ দৰে লোকৰ বাবে কংগ্ৰেছত এতিয়া মহিলাসকলৰ বাবে সুৰক্ষিত স্থান নাই। দত্তই কয়: “মই সমগ্ৰ দেশৰ একমাত্ৰ মহিলা যুৱ কংগ্ৰেছৰ সভানেত্ৰী আৰু মোৰ পৰিয়াল যোৱা চাৰি প্ৰজন্ম ধৰি কংগ্ৰেছত আছে। তথাপিও, মই ইমান হাৰাশাস্তিৰ সন্মুখীন হৈছো।”

Leave A Reply