Breaking

অনলাইন পাঠ্যক্ৰমে ঢুকি পাইছে নে সকলো ছাত্ৰ ছাত্ৰীক !

0 158

দেশজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কৰণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে সমগ্ৰ দেশতে  লকডাউন ঘোষণা কৰা হৈছিল । যাৰ ফলস্বৰূপে দেশৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে স্থিৰ হৈ পৰিছে । সংকটময় সময়ত  সমগ্ৰ দেশৰ লগতে অসমতো মাৰ্চ মাহৰ পৰা এতিয়ালৈ বন্ধ হৈ আছে বিদ্যালয়-মহাবিদ্যালয় সমূহ । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে দেখা দিছে। তাৰ সমান্তৰাল ভাৱে এই জটিল পৰিস্থিতিৰ সময়তে অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে  অনলাইন যোগে ক্লাছ সমুহ কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ বাবে ৰাজ্য চৰকাৰে দীক্ষা এপ আৰু বিশ্ববিদ্যা এপ শিক্ষাৰ্থীসকলক ডাউনলোড কৰি শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাই । এই এপ কেইটাৰ  জৰিয়তে শিক্ষাৰ্থীসকলে  অতি সহজতে  শিক্ষা গ্ৰহণ কৰিব পাৰিব , যদিও  বাস্তৱ ক্ষেত্ৰত মোবাইলৰ অভাৱত অনলাইন পাঠদানৰ পৰা বঞ্চিত  হৈ আছে ৰাজ্যৰ কেইবা শতাধিক ছাত্র-ছাত্ৰী । চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ সৰহভাগ ছাত্র-ছাত্ৰীৰ ঘৰত স্মাৰ্টফোন দুৰৰে কথা মোবাইল ফোন‌ এটাও নাই । আৰু বৰ্তমান যি পৰিস্থিতি, এই পৰিস্থিতিৰ সময়ছোৱাত ছাত্র-ছাত্ৰীৰ বাবে অৱিভাৱক সকলে এনে মোবাইল এটা কিনাটোও সম্ভৱ নহয় । যাৰ বাবে এই ছাত্র-ছাত্ৰী সকলে আগন্তুক হবলগীয়া পৰীক্ষা সমুহত  অসুবিধাৰ সন্মুখীন নিশ্চয়কৈ হব ।

জুৰিতা দাস

ফোন নং :- ৯৭০৬৬৯৩৯৮৬

Leave A Reply