Breaking

তিৰুপতি মন্দিৰত কিমান ধন সোণ ৰূপ আছে সকলো‌ তথ্যৰ হিচাপ ওলাল…

0 77

তিৰুপতি মন্দিৰত কিমান ধন সোণ আছে। স্বৰ্ণ অলংকাৰ আৰু নগদ ধনৰ হিচাপ প্ৰকাশ কৰিলে তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই। ২০১৯ চনলৈকে বিভিন্ন বেংকত তিৰুপতি মন্দিৰৰ নগদ ধনৰ পৰিমাণ আছিল ১৩ হাজাৰ ২৫ কোটি টকা।

বিগত ৩ বছৰৰ তুলনাত এতিয়া তিৰুপতি মন্দিৰৰ নগদ ধনৰ পৰিমাণ বৃদ্ধি হৈ হৈছেগৈ ১৫ হাজাৰ ৯৩৮ কোটি টকা। ২০১৯ চনলৈকে সোণৰ পৰিমাণ আছিল ৭টনৰো অধিক।

নগদ ধন,সোণসহ মুঠ সম্পত্তিৰ পৰিমাণ ঘোষণা কৰিছে তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই।  তিৰুমালা তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুযায়ী দাবী কৰিছে যে বৰ্তমান ১০ টনৰো অধিক সোণ আৰু ১৫ হাজাৰ ৯৩৮ কোটি টকা নগদ জমা আছে। তিৰুপতি মন্দিৰৰ অতিৰিক্ত সম্পত্তি অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ পুঁজিত জমা দিব বুলি ওলোৱা উৰা বাতৰি অস্বীকাৰ কৰিছে মন্দিৰ কৰ্তৃপক্ষই।

এক বিজ্ঞপ্তিযোগে মন্দিৰ কৰ্তৃপক্ষই দাবী কৰিছে সকলো ধন সম্পত্তি বেংকৰ নিৰ্দিষ্ট একাউন্টত জমা ৰখা হ’ব। বিজ্ঞপ্তিটোত সকলো ভক্ত-দাতাক উৰাবাতৰিত গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে।

Leave A Reply