পবিত্ৰ ভাদ মাহৰ আজিৰ দিনটোতে কংসৰ কাৰাগাৰত দৈবকীৰ উদৰত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ৷ শ্ৰীমদ্ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল৷
শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে মঙলদৈত নামঘৰে মন্দিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে পুৱাৰে বিশেষ আয়োজন চলিছে৷
দেশৰ আন আন প্ৰান্তৰ লগনে মঙলদৈটো শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে পুৱাৰে পৰা মন্দিৰে নামঘৰে কৃষ্ণৰ গুনানুকীৰ্তন আৰম্ভ হৈছে ৷
জগতত দুষ্টক দমন কৰি সান্তক পালনাৰ্থে যুগে যুগে অৱতাৰ লৈ আহিছে নাৰায়ণে৷ মঙলদৈ ভেবাৰঘাট কৃষ্টি সংঘৰ মন্দিৰত পুৱাৰে পৰা আৰম্ভ হৈছে আয়তী সকলৰ নাম কীৰ্তন৷

