Breaking

নাজিৰাৰ সকলো ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে দায়িত্বত নিউজিত বিষয়াসকল…

0 11

নাজিৰাৰ সকলো ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে দায়িত্বত নিউজিত বিষয়া সকল, কাইলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ৫ টা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং, পিজাইডিং বিষয়াৰ দল। দুৰ্গম অঞ্চল সমূহৰ বাবে পুৱা ভাগৰ পৰাই ৰাওনা হৈছে দল সমূহ। ইভিএম মেছিন আৰু ভিভিপেট লৈ মুঠ ২২৪ টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে এই দলসমূহ।


যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত মুঠ ১৮০০৬৪ গৰাকী ভোটাৰৰ ভোটগ্ৰহণৰ বাবে পুলিং পিজাইডিং বিষয়া সকল ৰাওনা হৈছে ভোট কেন্দ্ৰ সমূহলৈ। নাজিৰাৰ মুঠ পুৰুষ ভোটাৰ ৮৮১৭৭ জন, মহিলা ভোটাৰৰ সংখ্যা ৯১৮৮৬ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ১ জন।

Leave A Reply