Breaking

আটাই ইউনাইটেড ক্লাবৰ উদ্যোগত ক্ৰিকেট প্ৰতিযোগিতা

0 33

গোগামুখৰ অন্যতম ক্লাব আটাই ইউনাইটেড ক্ৰিকেট ক্লাবৰ উদ্যোগত আজিৰে পৰা প্ৰাইজমাণি আৰু ট্ৰফী গোগামুখ ক্ৰিকেট লীগ আৰম্ভ হৈছে ৷ মুঠ ১৩ টা দলে অংশগ্ৰহণ কৰা উক্ত ক্ৰিকেট লীগখন আজিৰ পৰা ৬ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ৷

আজি আৰম্ভণি অনুষ্ঠানটোত উপস্থিত থাকে এম এ চিৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে ৷ উপস্থিত থাকে বিশিষ্ট ব্যৱসায়ী তথা প্ৰাক্তন ক্ৰিকেট খেলুৱৈ অজিৎ প্ৰসাদ, শিৰোমণি দাস আদিয়ে ৷ অনুষ্ঠানটোত সভাপতিত্ব কৰে আটাই ইউনাইটেড ক্লাবৰ সভাপতি খনিন্দ্ৰ কামানে ৷ আঁত ধৰে ধ্যান দলে আৰু চন্দন দলেয়ে ৷

Leave A Reply