Breaking

বটদ্ৰৱা কাণ্ডৰ অন্যতম মাষ্টাৰমাইণ্ড আল্লাউদ্দিনক গ্ৰেপ্তাৰ

0 1,044

বটদ্ৰবা আৰক্ষী থানা আক্ৰমন আৰু অগ্নিসংযোগৰ ঘটনাৰ অন্যতম পৰিকল্পনাকাৰী আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে৷ নিশা এঘাৰ বজাত দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘূ অধ্যূষিত এলেকাৰ পৰা আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে৷ নগাঁৱৰ পৰা পলাই গৈ দৰঙৰ মৌচিদাত আত্মগোপন কৰি আছিল আল্লাউদ্দিনে ৷ বটদ্ৰবা কাণ্ডৰ অন্যতম মূল অভিযুক্ত আল্লাউদ্দিনে আত্মগোপন কৰি থকা তথ্য আৰক্ষীয়ে লাভ কৰি বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ পৰা অভিযান কৰিছিল৷ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু নগাঁও আৰক্ষীৰ সহযোগত চলা এই অভিযানৰ উমান পায় মৌচিদাৰ পৰা পলায়ন কৰিছিল দুৰ্ধৰ্ষ অভিযুক্তজনে৷ আৰক্ষীয়ে পিছা লয় আল্লাউদ্দিনৰ ৷ প্ৰায় ছয় কিলোমিটাৰ আৰক্ষীক দৌৰাই নিশা আল্লাউদিনক অভিযানকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰবা থানাত আছিল ড্ৰাগছ সৰবৰাহ আৰু ডকাইতিৰ একাধিক গোচৰ৷


গ্ৰেপ্তাৰ হোৱা এলেকাৰ পৰা আল্লাউদ্দিনক ধূলা থানালৈ আৰক্ষীয়ে আনি আছে৷ দৰঙ আৰক্ষীয়ে নীতি নিয়মৰ মাজেৰে বটদ্ৰবা কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড আল্লাউদ্দিনক নগাঁও আৰক্ষীক গতাই দিব বুলি জানিব পৰা গৈছে৷

Leave A Reply