Breaking

নগৰবেৰাৰ ৰঙ্গেশ্বৰীত পঞ্চায়তী কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

0 88

চৰকাৰী স্কুলৰ শিক্ষকে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

নগৰবেৰাৰ ৪৪ নং ভখুৰাদিয়া ৰঙ্গেশ্বৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰঙ্গেশ্বৰী পামত ২০২০-২১ৰ MLA ফাণ্ডৰ ৪ লাখ টকা RCC কালভাৰ্ট নিৰ্মাণৰ নামত আৱণ্টন দিছিল৷

ৰাইজে অভিযোগ কৰা মতে এখন চৰকাৰী স্কুলৰ শিক্ষকক হানিফ উদ্দিনক নিৰ্মাণ কমিটিৰ সভাপতি পাতি একৰ পৰা ডেৰ লাখ টকাৰ কাম কৰি বাকী টকা আত্মসাৎ কৰে৷

নিম্নমানৰ কামৰ বাবে নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওতেই কালভাৰ্টত ফাট মেলিছে৷

উক্ত কামৰ দুৰ্নীতিৰ লগত পঞ্চায়ত বিষয়া-কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰিছে একাংশই৷

শীঘ্ৰেই তদন্ত কৰি দুৰ্নীতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

Leave A Reply