Breaking

শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন তেলেগু অভিনেতা আল্লু অৰ্জুন। আৱেগিক হৈ পৰিল পৰিচালক…

0 66


বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয়। এইবাৰ আল্লু অৰ্জুনক পুষ্পা ছবিৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। এই বঁটা ঘোষণাৰ পিছত অভিনেতাজন উৎফুল্লিত হৈ পৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২১ ঘোষণা। এইবাৰ আল্লু অৰ্জুনে তেওঁৰ ছবি পুষ্পা ছবিৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত আল্লুৱে কেৱল সুখতে পত্নীক সাৱটি ধৰা নাই, আৱেগিক হোৱাও দেখা গৈছে।

একেটা ভিডিঅ’তে তেওঁ পুষ্পাৰ পৰিচালক সুকুমাৰক সাৱটি ধৰে, কিন্তু এই মুহূৰ্তত সুকুমাৰ ইমানেই আৱেগিক হৈ পৰে যে তেওঁৰ দচকু চকুলোৰে ভৰি পৰে আৰু দুয়োজনে ইজনে সিজনক বহু সময় ধৰি সাৱটি ধৰি থাকে।এই আনন্দময় অনুষ্ঠানত সকলোৰে মুখত হাঁহি। কোৱা হৈছে যে আল্লু অৰ্জুন হৈছে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন তেলেগু অভিনেতা।

Leave A Reply