Breaking

‘জয় আল্লু অৰ্জুন’ বুলি নোকোৱাৰ বাবে যুৱকক প্ৰহাৰ আল্লুৰ অনুৰাগীৰ…

0 18

তামিলনাডুৰ ৰাজপথত এদল যুৱকে ৰাজহুৱাভাৱে প্ৰহাৰ কৰে এজন যুৱকক।‘জয় আল্লু অৰ্জুন’ বুলি কোৱা নাছিল যুৱকজনে। আল্লু অৰ্জুন দক্ষিণৰ জনপ্ৰিয় তাৰকা। ‘পুষ্পা’ চিনেমাৰ বাবে আল্লুৰ জনপ্ৰিয়তা কেইবাগুণো বৃদ্ধি পাইছে। তেওঁৰ নামত ৰাজপথত অনুৰাগীয়ে ‘জয় আল্লু অৰ্জুন’ ধ্বনিৰে উত্তাল কৰি তোলে। ‘পুষ্পা ২’ ছবিখনে কেতিয়া মুক্তি পাব তাকে লৈ অনুৰাগীৰ মাজত উন্মাদনা। শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে তামিলনাডুৰ ৰাজপথত এদল যুৱকে এজন যুৱকক মাৰপিট কৰি আছে। যুৱকজনৰ কোৱা নাছিল ‘জয় আল্লু অৰ্জুন’ বুলি। এই ঘটনা ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে আৰম্ভ হ’ল সমালোচনা। বহুতে সেই যুৱক-যুৱতীসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। একাংশৰ মতে এই গোটেই ঘটনাটো আল্লুৰ দৃষ্টিগোচৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।


কিন্তু এই মুহূৰ্তত আল্লু বৰ ব্যস্ত। ‘পুষ্পা ২’ৰ শ্বুটিং হৈছে বিশাখাপট্টনমত। পূৰ্ণ গতিত চলি আছে শ্বুটিং। কিন্তু শ্বুটিঙৰ পিছতো অনুৰাগীৰ প্ৰেমৰ ‘নিৰ্যাতন’ৰ পৰা আলুৰ মুক্ত নহয়। শ্বুটিং চেটত ভৰি দিয়াৰ লগে লগে অনুৰাগীয়ে তেওঁক ফুলৰ পাহিৰে সম্ভাষণ জনায়। ৫০ কোটি বাজেটৰ এই চিনেমাখনৰ শ্বুটিং কেইদিনমানৰ ভিতৰতে সম্পূৰ্ণ হ’ব।

Leave A Reply