Breaking

পিঁয়াজৰ উপকাৰিতাৰ লগতে আছে বহু অপকাৰিতাও…

0 46

পিয়াঁজত ছডিয়াম, পটাছিয়াম, ফলেট, ভিটামিন এ, চি আৰু ই লগতে ফছফৰাছকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। আজি আমি আপোনালোকক জনাম পিয়াজ খোৱাৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে। আমাৰ প্ৰকৃতিত এনে বহুতো শাক-পাচলি আৰু ফল-মূল আছে যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও বহুতো শাক-পাচলিয়ে শৰীৰক ৰোগৰ পৰাও আঁতৰাই ৰাখে। ইয়াৰে এটা পাচলি হ’ল পিঁয়াজ। পিঁয়াজৰ অবিহনে প্ৰতিটো ৰেচিপি যেন অসম্পূৰ্ণ। আজি আমি আপোনালোকক জনাম পিয়াজ খোৱাৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে-

প্ৰথমে পিঁয়াজ খোৱাৰ উপকাৰিতা-

১/ হাড়বোৰ মজবুত হৈ পৰে

পিয়াঁজত পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম পোৱা যায়। এই কাৰণে পিঁয়াজ খালে হাড় মজবুত হয়। যদি আপোনাৰ হাড় দুৰ্বল বা হাড়ৰ লগত জড়িত ৰোগত আক্ৰান্ত তেন্তে পিয়াঁজ খোৱাটো উপকাৰী।

২/ হৃদযন্ত্ৰৰ স্বাস্থ্য

পিঁয়াজত ফ্লেভন’ইড পোৱা যায় যিয়ে বেয়া কলেষ্টেৰল হ্ৰাস কৰে আৰু ভাল কলেষ্টেৰল বৃদ্ধি কৰে। পিঁয়াজ খালে হাৰ্ট এটেক, হাৰ্ট ষ্ট্ৰোকৰ দৰে গুৰুতৰ হৃদৰোগ আঁতৰাই ৰাখে।

৩/ চুলিৰ বাবে

পিঁয়াজত প্ৰচুৰ পৰিমাণে এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল আৰু এন্টিঅক্সিডেন্ট থাকে। পিঁয়াজ খালে চুলি ক’লা, ডাঠ আৰু শক্তিশালী হৈ থাকে। এই কাৰণেই চুলিৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পিঁয়াজৰ ৰস প্ৰয়োগ কৰাটো বাঞ্ছনীয়।

পিঁয়াজ খোৱাৰ অসুবিধা-

১/ চেনিৰ মাত্ৰা

চুগাৰৰ সমস্যা থকা লোকে পিঁয়াজ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। পিয়াঁজ খালে তেজত চেনিৰ মাত্ৰা কমি যাব পাৰে যাৰ ফলত আপুনি অজ্ঞানও হ’ব পাৰে।

২/ ৰক্তচাপ

ৰক্তচাপৰ সমস্যা থকা লোকসকলেও বেছিকৈ পিঁয়াজ খোৱাৰ পৰা বিৰত থাকিব লাগে। বেছিকৈ পিঁয়াজ খালে ৰক্তচাপ দ্ৰুতগতিত হ্ৰাস পাব পাৰে আৰু বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

৩) কোষ্ঠকাঠিন্য আৰু পেটৰ বিষ

পিঁয়াজত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। বেছিকৈ পিঁয়াজ খালে আপুনি পেটৰ লগত জড়িত ৰোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে আপুনি বেছিকৈ পিঁয়াজ খোৱাৰ পৰা বিৰত থাকিব।

Leave A Reply