Breaking

হোজাইত পথ দুৰ্ঘটনা।তীব্ৰ বেগী অল্টো 800ৰ খুন্দাত ভাঙিল বিদ্যুতৰ খুটা

0 535

হোজাইত সংঘটিত হয় পথ দুৰ্ঘটনা।

বৰহোলাৰ পৰা হোজাইলৈ গৈ থাকোঁতে যোগীজান আম্লিপুখুৰী ৰিজাৰ্ভত সংগঠিত হয় এই দুৰ্ঘটনা।

তীব্ৰ বেগী অল্টো 800 গাড়ীৰ খুন্দাত বিদ্যুৎৰ খুটা ভাঙি যায়।

এই ঘটনাত আব্দুল ৰেজাক আৰু মজিবুৰ ৰহমান নামৰ দুজন লোক সামান্য ভাৱে আহত হয়।

ছাগলী বচাবলৈ গৈ এই ঘটনা সংগঠিত হয় বুলি চালক জনে মন্তব্য কৰে।

অবশ্য ঘটনা সংগঠিত হোৱাৰ লগে লগে চালক জনে আহত হোৱা আৰোহী দুজনক চিকিৎসালয়লৈ প্ৰেৰন কৰে।

দুৰ্ঘটনা হোৱা অল্টো গাড়ী খনৰ নম্বৰ হ’ল AS 31 A 0748

ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Leave A Reply