Breaking

সোণাৰি কমাৰ্চ কলেজত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সভা সম্পন্ন…

0 1,208

চৰাইদেউ জিলাৰ বাণিজ্য শিক্ষাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান সোণাৰি কমাৰ্চ কলেজত আজি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিপুল দে’ৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত শিক্ষানুষ্ঠান খনৰ প্ৰবক্তা মণ্ডলীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। সভাত বিশেষকৈ আগন্তুক দিনত মহাবিদ্যালয়খন পৰিদৰ্শন তথা মূল্যায়নৰ বাবে “NAAC” ৰ বিষয়ববীয়া সকলৰ আগমণ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ কৰণীয় সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়।

আনহাতে “NAAC”ৰ সদস্য আগমণৰ আগমূহুৰ্তত ইতিমধ্যে শিক্ষা সাং কৰি মহাবিদ্যালয়খনৰ পৰা ওলাই বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এটা ডাটাবেছ প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে অহা এক মে’ দেওবাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখন সতীৰ্থ সন্মিলন তথা সেই অনুষ্ঠানতে “সোণাৰি কমাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন”ৰ সমিতিখন নতুনকৈ গঠন কৰা সন্দৰ্ভতো আলোচনা কৰা হয়।

Leave A Reply