Breaking

আজিৰে পৰা অম্বুবাচী ! নাই লাখ লাখ ভক্তৰ সমাগম

0 2,038

আজি অৰ্থাত মঙলবাৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী। অৱশ্যে কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অতি সাধাৰণ ভাৱে অনুষ্ঠিত কৰা হ’ব অম্বুবাচী।

অইন বাৰৰ দৰে এইবাৰ দেশ বিদেশৰ লাখ লাখ ভক্তৰ সমাগম দেখিবলৈ পোৱা নাযাব কামাখ্যাত। কিয়নো ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হ’ব এই অম্বুবাচী। অৱশ্যে যোৱা বৰ্ষটো ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ উদযাপন হৈছিল অম্বুবাচী।

উল্লেখ্য যে., আজি ২ বাজি ৬ মিনিট ৭ চেকেণ্ডক অম্বুবাটীৰ মহা প্ৰবৃত্তি হ’ব। ২৬ জুনৰ নিশা ২ বাজি ২৯ মিনিট ৯ চেকেণ্ডত হ’ব নিবৃত্তি। এই সময়চোৱাত বন্ধ থাকিব কামাখ্যাৰ মূল দুৱাৰ।

Leave A Reply