Breaking

বৰপেটাত “গণ অধিকাৰ ছোচিয়েল চাৰ্কল”ৰ পৰিচালনাত এম্বুলেঞ্চ সেৱা

0 1,577

অসমৰ অন্যতম আগশাৰীৰ অসমীয়া দৈনিক বাতৰি কাকত ‘গণ অধিকাৰ’ কাকতৰ “গণ অধিকাৰ ছোচিয়েল চাৰ্কল”ৰ পৰিচালনাত বৰপেটাত শীঘ্ৰে মুকলি হোৱাৰ দিশে এম্বুলেঞ্চ সেৱা। সমাজৰ শোষিত, বঞ্চিত শ্ৰেণীৰ পক্ষত অনবৰতে থিয় হোৱা গণ অধিকাৰ কাকত গোষ্ঠীয়ে এইবাৰ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ পৰিকল্পনা হাতত লৈছে। আৰ্থিক অনাটনত ভোগা লোকক স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সকাহ দিবলৈ কাকত গোষ্ঠীয়ে এইবাৰ লোৱা পৰিকল্পনাৰ অন্যতম পদক্ষেপ হিচাপে এম্বুলেঞ্চ সেৱা প্ৰদান কৰি জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়লৈ ৰোগী অনা নিয়া কৰাৰ ব্যৱস্থা কৰিব। সেই উপলক্ষে আজি গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ সম্পাদক ছাহজাহান তালুকদাৰ, সদস্য দেৱান নজৰুল কাদেৰ, সদস্য তথা বৰপেটাৰ সাংবাদিক পুলেন্দ্ৰ দাস, ভেল্লাৰ সাংবাদিক আজিজুল হক, মৌচম নাজিম, বৰপেটাৰ ৰমজান আলীয়ে আজি বৰপেটা জিলা উপায়ুক্ত কাৰ্যলয়ৰ জ্যেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন দাসৰ হাতত এম্বুলেঞ্চ আৱন্টনৰ পত্ৰ প্ৰদান কৰে । এই ক্ষেত্ৰত বিষয়া গৰাকীয়ে ইতিবাচক সঁহাৰি প্ৰদান কৰে । অলপতে গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ এই এম্বুলেঞ্চ সেৱা ৰাইজৰ মাজত উপলব্ধ হব । ৰাইজে এম্বুলেঞ্চ সেৱাৰ সৈতে জড়িত লোকৰ কেইটামান নম্বৰৰ সৈতে যোগাযোগ কৰি এই সেৱা সকলোৱে লাভ কৰিব পাৰিব। সামাজিক দ্বায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যায়ক্ৰমে এই এম্বুলেঞ্চ সেৱাৰ পৰিসৰ বৃদ্ধি কৰা হব বুলি সম্পাদক ছাহজাহান তালুকদাৰে জনায় । গণ অধিকাৰ কাকত গোষ্ঠীয়ে লোৱা এই পদক্ষেপৰ জড়িয়তে স্বাস্থ্যৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোক উপকৃত হব বুলি সাংবাদিক পুলেন্দ্ৰ দাস, আজিজুল হক আৰু ৰমজান আলীয়ে আশা ব্যক্ত কৰে। ইয়াৰ জড়িয়তে যাতে ৰাইজে উন্নত চিকিৎসা লাভ কৰাত সহায় হয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান জনোৱাৰ লগতে গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ এই পদক্ষেপ আদৰ্শনীয় বুলিও ব্যক্ত কৰে । উল্লেখ্য যে, উক্ত এম্বুলেঞ্চখন বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সাংসদ পুজিৰ এম পি এল এ ডি পুজিৰ জৰিয়তে আৱন্টন দিয়া হৈছে। এই ক্ষেত্ৰত সাংসদ গৰাকীৰ ভূমিকাৰ সলাগ লয় সচেতন মহলে

Leave A Reply