Breaking

আমীশা পেটেলৰ হাতত ৭০ লাখ টকীয়া হেণ্ডবেগ, কিনিব সপোনৰ এটা ঘৰ…

0 46

গাদাৰ ২ ত ছাকিনাৰ চৰিত্ৰত অভিনয় কৰা আমীশা পেটেলে কয় যে তেওঁৰ বহু দামী দামী হেণ্ডবেগ আছে। গাদাৰ ২ ছবিত ছাকিনাৰ চৰিত্ৰত অভিনয় কৰি আমীশা পেটেলে বহু সফলতা অৰ্জন কৰে। ইয়াৰ পূৰ্বে আমীশাৰ কেৰিয়াৰ পতন ঘটিছিল যদিও এতিয়া তেওঁৰ অত্যন্ত সুখী। ইফালে আমীশাই এক সাক্ষাৎকাৰত নিজৰ বিলাসী জীৱনশৈলীৰ কথা কয়। বেগক অতি ভাল পোৱা বুলি প্ৰকাশ কৰে আমীশাই। তেওঁ লগতে কয় যে তেওঁৰ সংগ্ৰহত থকা কিছুমান বেগ বহু দামী।

অমীশাই প্ৰকাশ কৰে যে তেওঁৰ হাতত মাত্ৰ এটা বেগ আছিল যাৰ মূল্য আছিল ৬০-৭০ লাখ টকা। আমীশাই লগতে কয় যে ইয়াৰ বাহিৰেও তাইৰ হাতত বহুতো দামী বেগ আছে। এইটো আছিল লুই ভিটন ব্ৰেণ্ডৰ হাই এণ্ড বেগ, তাৰ পিছত তেওঁ বিলাসী বেগৰ প্ৰতি আসক্ত হৈ পৰিছিল।

আপোনালোকক জনাওঁ যে আমিষাই ২০০০ চনত কহো না প্যাৰ হায় ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁক গাদাৰ এক প্ৰেম কথাৰ দৰে ব্লকবাষ্টাৰ ছবিত দেখা গৈছিল।

Leave A Reply