Breaking

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাজ্যিক ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰা আমেৰিকাৰ কোটিপতি ব্যৱসায়ী জেমছ ক্ৰাউন পথ দুৰ্ঘটনাত মৃত্যু…

0 61

পথ দুৰ্ঘটনাত মৃত্যু হয় আমেৰিকাৰ কোটিপতি ব্যৱসায়ী জেমছ ক্ৰাউনৰ। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাজ্যিক ৰাতিৰ আহাৰ গ্ৰহণত অংশগ্ৰহণ কৰিছিল জেমছ ক্ৰাউনে। ৰাষ্ট্ৰপতি জো বাইডেনে জেমছ ক্রাউনৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক ‘ভাল মানুহ, এজন প্ৰিয় বন্ধু আৰু এজন মহান আমেৰিকান’ বুলি অভিহিত কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাইও ক্রাউনক আৱেগিক ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেওবাৰে ক’লৰাডোত পথ দুৰ্ঘটনাত নিহত হয় জেমছ ক্রাউন নামৰ এজন আমেৰিকান ব্যৱসায়ী, কোটিপতি বিনিয়োগকাৰী তথা জে পি মৰ্গান চেজৰ দীৰ্ঘদিনীয়া সঞ্চালক। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত জেমছ ক্ৰাউনেও প্ৰধানমন্ত্ৰীৰ বাবে আয়োজন কৰা ৰাজ্যিক ৰাতিৰ আহাৰত অংশ লৈছিল। জেমছ ক্রাউনে বহু নেতৃত্বৰ ভূমিকা পালন কৰিছিল। ১৯৯০ চনৰ আৰম্ভণিৰ পৰাই জে পি মৰ্গান চেজৰ ব’ৰ্ড মেম্বাৰ আৰু জেনেৰেল ডাইনেমিক্সৰ ব’ৰ্ড ডাইৰেক্টৰ আছিল। ইয়াৰ উপৰিও তেওঁ নিজৰ পাৰিবাৰিক ব্যৱসায় বিনিয়োগ সংস্থা হেনৰী ক্রাউন এণ্ড কোম্পানীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ পদত অধিষ্ঠিত হৈছিল।

পৰিয়ালৰ এজন প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘জিম ক্রাউনৰ হঠাৎ মৃত্যুত ক্রাউন পৰিয়ালটো গভীৰভাৱে দুখী৷

ৰাষ্ট্ৰপতি জো বাইডেনে ক্রাউনৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক ‘এজন ভাল মানুহ, এজন প্ৰিয় বন্ধু আৰু এজন মহান আমেৰিকান’ বুলি অভিহিত কৰে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামাই কয় যে তেওঁৰ মৃত্যুত তেওঁ আৰু তেওঁৰ পত্নী মিচেলে গভীৰ শোক প্ৰকাশ কৰিছে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়ত জেমছ ক্ৰাউনেও প্ৰধানমন্ত্ৰীৰ বাবে আয়োজন কৰা ৰাজ্যিক ৰাতিৰ আহাৰত অংশ লৈছিল।

Leave A Reply