Breaking

ভাৰতীয় জাতীয় সংগীত ‘জন গণ মন’ পৰিৱেশন কৰি প্ৰধানমন্ত্ৰী মোদীৰ ভৰি চুই আশীষ ল’লে আমেৰিকান গায়িকা মেৰী মিলবেনে…

0 103

হলিউডৰ বিখ্যাত অভিনেত্ৰী তথা গায়িকা মেৰী মিলবেনে প্ৰধানমন্ত্ৰী মোদীৰ ভৰি চুইছিল, তেতিয়া তাত উপস্থিত থকা ৰাইজে ভাৰতৰ মহান পৰম্পৰাৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল। বহিঃৰাজ্যৰত প্ৰধানমন্ত্ৰী মোডীক দিয়া এই সন্মানৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিত্ব আচৰিত,অনন্য আৰু আকৰ্ষণীয়। তেওঁক বিশ্বৰ শক্তিশালী নেতাৰ ভিতৰত গণ্য কৰা হয়। প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু ৰীতি-নীতিৰে প্ৰধানমন্ত্ৰী মোদীয়ে য’তেই যায় ত’তেই মানুহক নিজৰ কৰি লয়। এই বাবেই তেওঁ সমগ্ৰ বিশ্বতে সমান সন্মান লাভ কৰে। আমেৰিকাৰ বিখ্যাত অভিনেত্ৰী তথা গায়িকা মেৰী মিলবেনে প্ৰধানমন্ত্ৰী মোদীৰ ভৰি চুই তেওঁৰ আশীৰ্বাদ ল’লে। ৰাজ্যিক ভ্ৰমণৰ অন্তিম দিনা ৱাশ্বিংটনৰ ৰ’নাল্ড ৰেগান চেণ্টাৰত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই সময়তে আমেৰিকান গায়িকা মেৰীয়ে ভাৰতৰ জাতীয় সংগীত জন গণ মন পৰিৱেশন কৰিছিল। ৰাষ্ট্ৰীয় সংগীত শেষ হোৱাৰ পিছত ৩৮ বছৰীয়া মিলবেনে প্ৰধানমন্ত্ৰী মোদীৰ ফালে আগবাঢ়ি গৈ ভৰি চুৱে, তাৰ পিছত পি এম মোদীয়ে তেওঁক আৰ্শীবাদ দিয়ে। সন্মান আৰু মৰমৰ অনুভূতিৰ এই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতে মেৰী মিলবেনে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, ‘মই নিজকে অতি সৌভাগ্যৱান আৰু গৌৰৱান্বিত অনুভৱ কৰিছো। প্ৰধানমন্ত্ৰী মোডী এজন দয়ালু ব্যক্তি। তেওঁৰ ৰাজ্যিক ভ্ৰমণৰ অংশ হ’বলৈ পোৱাতো মোৰ বাবে এক সন্মান।

বিখ্যাত অভিনেত্ৰী তথা গায়িকা মেৰী মিলবেনে ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধক বিশ্বাস কৰে। ইতিমধ্যে ভাৰতৰ জাতীয় সংগীত ‘জন গণ মন…’ আৰু ‘অম জয় জগদীশ হৰে…’ গীত গাই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে। মিলবেনে লগতে কয় যে ভাৰতীয় জাতীয় সংগীত গোৱাৰ বাবে তেওঁক মাতি অনাত তেওঁক সন্মানিত কৰা হৈছে। তেওঁ কয়, “আমেৰিকা আৰু ভাৰতীয় দুয়োটা জাতীয় সংগীতে গণতন্ত্ৰ আৰু স্বাধীনতাৰ আদৰ্শৰ কথা কয়, আৰু এইটোৱেই হৈছে আমেৰিকা-ভাৰতৰ সম্পৰ্কৰ প্ৰকৃত সাৰমৰ্ম।

বিদেশী মাটিত প্ৰধানমন্ত্ৰী মোডীৰ সন্মানৰ কিছু গৌৰৱময় মুহূৰ্ত যোৱা মাহতো দেখা গৈছিল যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে জাপানত অনুষ্ঠিত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰি পাপুয়া নিউগিনিত উপস্থিত হৈছিল। আয়োজক পাপুয়া নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপে নিজেই বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনাইছিল। মোডী বিমানৰ পৰা নামি অহাৰ লগে লগে মাৰাপে তেওঁৰ ভৰি চুই থকা দেখা গৈছিল।

Leave A Reply