Breaking

আলাস্কাৰ ওপৰেৰে অচিনাক্ত বস্তু গুলীয়াই আমেৰিকাৰ যুদ্ধ বিমানে…

0 56

শুকুৰবাৰে হোৱাইট হাউছে কয় যে আমেৰিকাৰ যুদ্ধ বিমানে আলাস্কাৰ ওপৰেৰে ওখকৈ উৰি থকা এটা অচিনাক্ত বস্তু গুলীয়াই পেলায়।

বস্তুটোৰ উদ্দেশ্য বা উৎপত্তি কি আছিল সেয়া জনা নাযায় যদিও ই অসামৰিক বিমান পৰিবহণৰ বাবে সম্ভাৱ্য ভাবুকি হোৱাৰ বাবেই ইয়াক নমাই দিয়া হৈছিল।

ৰাষ্ট্ৰপতি বাইডেনে এই গুলীচালনা সফল বুলি কয়। পূৰ্বৰ শনিবাৰে আটলাণ্টিক উপকূলৰ ওচৰত আমেৰিকাৰ সেনাই গুলীয়াই পেলোৱা চীনা বেলুনতকৈ এই বস্তুটো বহু সৰু আছিল। মোটামুটিকৈ সৰু গাড়ী এখনৰ সমান আছিল।

হোয়াইট হাউছৰ নেশ্যনেল ছিকিউৰিটি কাউন্সিলৰ মুখপাত্ৰ জন কিৰ্বিয়ে কয় যে এই বস্তুটো চৰকাৰী বা কৰ্পৰেট মালিকানাধীন হওক, সেইটো স্পষ্ট নহয়।

Leave A Reply