Breaking

আমেৰিকাত প্ৰথমবাৰৰ বাবে গৰ্ভপাতৰ বড়ি ক্ৰয় কৰাৰ অনুমতি দিছে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে…

0 43

আমেৰিকাৰ যিকোনো ব্যক্তিয়েই এতিয়াৰ পৰা ফাৰ্মাচীতে কিনিব পাৰিব গৰ্ভপাতৰ বড়ি । বাইডেন প্ৰশাসনৰ নতুন আইন অনুসৰি প্ৰথমবাৰৰ বাবে গৰ্ভপাতৰ বড়ি মাইফেপ্ৰিষ্টন ফাৰ্মাচীৰ কাউন্টাৰত গৈ ক্ৰয় কৰাৰ অনুমতি দিছে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে।

অৱশ্যে এই গৰ্ভপাতৰ বড়ি কিনিব বিচাৰিলে  চিকিৎসকৰ প্ৰেছক্ৰিপচন দেখুৱাব লাগিব। গৰ্ভপাতৰ ঔষধ খুচুৰা ঔষধৰ দোকানৰ পৰা বা মেইল ​​অৰ্ডাৰৰ জৰিয়তে ক্ৰয় কৰিব পাৰি আমেৰিকাৰ নাগৰিকসকলে।

বৰ্তমানলৈকে ৰোগীয়ে চিকিৎসা বিভাগৰ পৰাহে মাইফেপ্ৰিষ্টন লাভ কৰি আছিল। নতুন নিয়ম অনুসৰি তেওঁলোকে এই ঔষধ দোকানৰ পৰাই পাব। ইয়াৰ ফলত দেশত গৰ্ভপাতৰ সংখ্যা বৃদ্ধি পাব।

উল্লেখ্য যে যোৱা বছৰৰ জুন মাহত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে গৰ্ভপাতৰ অধিকাৰ আইনখন বাতিল কৰিছিল। ইয়াৰ ফলত ১৯৭৩ চনত গৰ্ভপাতক বৈধতা প্ৰদান কৰা আইনী সিদ্ধান্ত ‘ৰবনাম ৱেড’ বাতিল কৰা হয়।

আদালতৰ সিদ্ধান্তৰ কেইঘণ্টামান পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে স্বাস্থ্য বিষয়াসকলক নিৰ্দেশ দিয়ে যে গৰ্ভপাতৰ ঔষধ মহিলাসকলৰ বাবে উপলব্ধ হোৱাটো নিশ্চিত কৰক।

খবৰ অনুসৰি গৰ্ভপাতৰ অধিকাৰ আইনখন বাতিলৰ পিছত আমেৰিকাত গৰ্ভপাতৰ বড়িৰ চাহিদা বৃদ্ধি পাইছে।

Leave A Reply