Breaking

গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথিঃ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে…

0 12

চলিছিল বহু জল্পনা-কল্পনা। আমেথি আৰু ৰায়বেৰেলীৰ পৰা কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। এটা সময়ত দুয়োটা সমষ্টিয়েই কংগ্ৰেছৰ দুৰ্গ আছিল। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাহুলে আমেথি এৰিলে। আমেথিৰ সলনি ৰাহুল গান্ধীয়ে মাতৃৰ সমষ্টি ৰায়বেৰেলীৰ পৰা নিৰ্বাচনত প্ৰিদ্বন্দ্বিতা কৰিব। বহুে ধাৰণা কৰিছিল যে আমেথি অথবা ৰায়বেৰেলীৰ পৰা প্ৰিয়ংকাই নিৰ্বাচনী যুঁজত লিপ্ত হ’ব। কিন্তু সেয়া নহ’ল। ৰায়বেৰেলীত ৰাহুল গান্ধীক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে, আমেথিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ’ল গান্ধী পৰিয়ালৰ ঘনিষ্ঠ নেতা কিশোৰী লাল শৰ্মাক। ফলত গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথি। শুক্ৰবাৰে ছোনিয়া গান্ধী আৰু ভগ্নী প্ৰিয়ংকাৰ সৈতে গৈ ৰায়বেৰেলী সমষ্টিত ৰাহুল গান্ধীয়ে দাখিল কৰে মনোনয়ন পত্ৰ। একে সময়তে আমেথি সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰী লাল শৰ্মাই। একে দিনাই মনোনয়ন দাখিল কৰে ৰায়বেৰেলীৰ বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙেও। বিজেপিয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছিল ৰায়বেৰেলী সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ নাম।

২০ মে’ত নিৰ্বাচন হ’বলগীয়া সমষ্টি দুটাৰ শুক্ৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনা তথা ৩ মে’ৰ পুৱা কংগ্ৰেছে সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।উল্লেখ্য ২০১৯ চন পৰ্যন্ত আমেথিক প্ৰতিনিধিত্ব কৰা ৰাহুল গান্ধীৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা কিশোৰী লাল শৰ্মা। গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বেৰেলীক সমগ্ৰ দেশবাসীৰে দৃষ্টি নিবদ্ধ হৈ আছে। আমেথি সমষ্টিৰ পৰা যোৱাবাৰৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে। আমেথিৰ পৰা এইবাৰো ৰাহুল গান্ধীৰ নাম উচ্চাৰিত হৈ আছিল যদিও শেষপৰ্যন্ত আমেথিৰ বিপৰীতে ২০০৪ৰ পৰা ২০১৯লৈ মাতৃ ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰা ৰায়বৰেলীত ৰাহুল গান্ধীক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়ে। ৰাহুলে আমেথি এৰিলে, মাতৃৰ ৰায়বেৰেলীৰ উত্তৰাধিকাৰী হোৱাৰ মন ৰাহুল গান্ধীৰ, প্ৰিয়ংকাই এইবাৰো নানামিলে নিৰ্বাচনী যুঁজত।


গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বেৰেলীক সমগ্ৰ দেশবাসীৰে দৃষ্টি নিবদ্ধ হৈ আছে। আমেথি সমষ্টিৰ পৰা যোৱাবাৰৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে। আমেথিৰ পৰা এইবাৰো ৰাহুল গান্ধীৰ নাম উচ্চাৰিত হৈ আছিল যদিও শেষপৰ্যন্ত আমেথিৰ বিপৰীতে ২০০৪ৰ পৰা ২০১৯লৈ মাতৃ ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰা ৰায়বৰেলীত ৰাহুল গান্ধীক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়ে।

Leave A Reply