Breaking

প্ৰধানমন্ত্ৰী মোদীৰ অৰুণাচল ভ্ৰমণকলৈ চীনৰ প্ৰতিক্ৰিয়াৰ মাজতে আমেৰিকাই ক’লে- অৰুণাচল প্ৰদেশ ভাৰতৰ অংগ…

0 20

অৰুণাচল প্ৰদেশক সদায় নিজৰ বুলি দাবী কৰি আহিছে চীনে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া অৰুণাচল ভ্ৰমণৰ পিছত চীনা সামৰিক বাহিনীয়ে অৰুণাচল প্ৰদেশৰ ওপৰত নিজৰ দাবীৰ কথাপুনৰাবৃত্তি কৰিছে। কিন্তু চীনৰ দাবীৰ বিপৰীতে অৰুণাচল প্ৰদেশ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আমেৰিকাই। আমেৰিকাই অৰুণাচলৰ বিষয়ত নিজৰ স্থিতি পৰিষ্কাৰ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাজ্যখনক ভাৰতীয় ভূখণ্ড হিচাপে স্বীকৃতি দিছে আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বিষয়ত চীনে কৰা দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে। এখন সংবাদমেলত মাৰ্কিন বিদেশ বিভাগৰ প্ৰধান উপ মুখপাত্ৰ বেদন্ত পেটেলে কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰই অৰুণাচল প্ৰদেশক ভাৰতীয় ভূখণ্ড হিচাপে স্বীকৃতি দিছে আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অনুপ্ৰৱেশ বা বেদখল, সামৰিক বা যিকোনো একপক্ষীয় প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰিছে।” উল্লেখ্য ৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল প্ৰদেশত ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা চেলা সুৰংগ ৰাষ্ট্ৰক উৎসৰ্গা কৰিছিল। এই সুৰংগই টাৱাঙলৈ সকলো বতৰতে সংযোগ সহজ কৰি তুলিব আৰু সীমান্ত অঞ্চলত সৈন্যৰ চলাচল সহজ কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ অৰুণাচল ভ্ৰমণ আৰু সকলো বতৰৰ সুৰংগ উদ্বোধনে চীনক তিন্তিত কৰি তুলিছে। ইয়াৰ পিছতে চীনা সামৰিক বাহিনীয়ে অৰুণাচল প্ৰদেশৰ ওপৰত নিজৰ দাবীৰ পুনৰাবৃত্তি কৰে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ জ্যেষ্ঠ কৰ্ণেল ঝাং জিয়াওগাঙে কৈছিল যে জিজাঙৰ দক্ষিণ অংশ (তিব্বতৰ চীনা নাম) চীনৰ ভূখণ্ডৰ এক অন্তৰ্নিহিত অংশ, আৰু বেইজিঙে “ভাৰতৰ দ্বাৰা অবৈধভাৱে স্থাপিত তথাকথিত অৰুণাচল প্ৰদেশ”ক কেতিয়াও স্বীকাৰ নকৰে্ আৰিু ভাৰতৰ দাবীক দৃঢ়ভাৱে বিৰোধিতা কৰে। অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰা চীনে নিয়মীয়াকৈ ভাৰতীয় নেতাসকলৰ অৰুণাচল ভ্ৰমণত আপত্তি কৰি আহিছে। বেইজিঙে অৰুণাচলৰ এক বিশাল অঞ্চলৰ নাম জাংনান দিছে।

Leave A Reply