Breaking

আজি গুৱাহাটীৰ খানাপাৰাস্থিত কায্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত অংশ লৈ বৰপেটা জিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আমিৰ হুছেইন অসম তৃণমূলত যোগদান কৰে…

0 48

অসম তৃণমূল কংগ্ৰেছত অব্যাহত আছে ধাৰাবাহিক যোগদান কাৰ্যসূচী। ৰাজ্যৰ প্ৰতিখন জিলাত এই যোগদান কাৰ্যসূচী অব্যাহত আছে।

ইয়াৰ অংশস্বৰূপে ইতিমধ্যে ৰাজ্যৰ বিৰোধী দলবোৰৰ পৰা অহা শীৰ্ষ পৰ্যায়ৰ নেতা-যুৱ নেতাই দলটোত যোগদান কৰিছে। আজি গুৱাহাটীৰ খানাপাৰাস্থিত কায্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত অংশ লৈ বৰপেটা জিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আমিৰ হুছেইন অসম তৃণমূলত যোগদান কৰে। আনহাতে এই অনুষ্ঠানত অংশ লৈ বাঘবৰৰ ছাত্ৰ নেতাইও দলটোত যোগদান কৰে।

এই যোগদান কায্যসূচীত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাও উপস্থিত থাকে। সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত হোৱা এই যোগদান কাৰ্যসূচীৰ পাছত দুয়োগৰাকী নতুন সদস্যক দলে অভিনন্দন জনায়।উল্লেখ্য যে, প্ৰতিদিনেই দলটোত সমগ্ৰ ৰাজ্যৰ পৰা শতাধিক সদস্যভৰ্তিকৰণ কাৰ্যসূচী চলি আছে।

Leave A Reply